ভয়ংকৰ দুঃখবৰ; অসমত একেদিনাই ১৫জন ক’ভিড–১৯ পজিটিভ
নিয়মীয়া বাৰ্তা, ১৯ মে’: ক’ৰোনা সংক্রমণৰ ক্ষেত্রত ৰাজ্যৰ বাবে এক ভয়াৱহ দুঃখবৰ৷ ৰাজ্যত সোমবাৰে ক’ভিড–১৯ আক্রান্ত লোকৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে৷ নিশা ১১ বজাত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে নতুনকৈ ৭জন ব্যক্তি ক’ভিড–১৯ আক্রান্ত বুলি ঘোষণা কৰাৰ লগতে দুর্ভাগ্যজনকভাৱে জিএমচিএইচত এজন আক্রান্ত লোকৰ মৃত্যু হোৱা বুলি প্রকাশ কৰে৷
মন্ত্রীগৰাকীয়ে টুইটাৰযোগে প্রকাশ কৰা অনুসৰি ইয়াৰে তিনিজন আক্রান্ত ব্যক্তি সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল আৰু আন তিনিজন ফাঁচীবজাৰৰ আলু গুদামৰ সংক্রমিত ব্যক্তিৰ সৈতে জড়িত বুলি সন্দেহ কৰা কণ্টেইনমেণ্ট জ’নত চিনাক্ত কৰা হৈছে৷ এই তিনিজন লোকৰ ফাঁচীবজাৰৰ আলু গুদামৰ পৰা আক্রান্ত হোৱা লোকৰ সৈতে প্রত্যক্ষ অথবা পৰোক্ষ সম্পর্কৰ জৰিয়তে সংক্রমিত হোৱা বুলি অনুমান কৰা হৈছে৷
প্রাপ্ত তথ্য অনুসৰি জি এম চি এইচত মৃত্যু হোৱা এই আক্রান্ত ৰোগীগৰাকী মৃত্যুৰ পিছতহে ক’ভিড পজিটিভ বুলি চিনাক্ত হয়৷ মৃত ব্যক্তিজন ৰঙিয়াৰ ১ নং নসত্রৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷ তেওঁক পেটৰ বিষ আৰু উশাহ–নিশাহত কষ্ট পোৱাৰ বাবে যোৱা ১৫ মে’ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰা হৈছিল৷ পৰৱর্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু যোৱা ১৬ মে’ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷ অৱশ্যে তেওঁৰ মৃত্যুৰ পিছত স্বোৱাবৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছিল৷
বর্তমানেও তেওঁৰ মৃতদেহ হাস্পতালখনৰ মর্গত আছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত মুঠ ১১৫জন লোক ক’ভিড–১৯ আক্রান্ত হোৱাৰ উপৰি চাৰিজনৰ মৃত্যু ঘটিছে৷ আনহাতে ইয়াৰে ৬৮জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৪১জনক চিকিৎসালয়ৰ পৰা ডিচার্জ দিয়া হৈছে আৰু দুজন ক’ভিড–১৯ আক্রান্ত ৰোগীয়ে ৰাজ্যৰ বাহিৰলৈ প্রব্রজন কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে ক’ভিড–১৯ত আক্রান্ত গোপীন্দ্র চন্দ্র মালাকাৰ (৭১) নামৰ লোকজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ যোৱা ১২ মে’ত মুম্বাইৰ পৰা উভতি অহা কেঞ্চাৰ ৰোগী মালাকাৰ গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই তেওঁ ক’ভিড–১৯ত আক্রান্ত হোৱাটো পোহৰলৈ আহে৷ লগে লগে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয় যদিও সোমবাৰে পুৱা ১১.০৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা সোমবাৰে পুৱাৰ ভাগত ৩জনলৈ বৃদ্ধি পাইছিল৷
মালাকাৰৰ মৃত্যুৰ প্রসংগত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আবেলি আয়োজিত এখন সংবাদ মেলত প্রকাশ কৰিছিল যে ডিঙিৰ কেঞ্চাৰৰ লগতে ক’ভিড–১৯ত আক্রান্ত লোকজনৰ হাঁওফাঁওৰ অৱস্থা অত্যন্ত দুর্বল আছিল৷ কেঞ্চাৰৰ লগতে ক’ভিড–১৯ৰ বাবে তেওঁৰ মৃত্যু হয় বুলি চিকিৎসকে জনাইছে৷ আনহাতে নিশাৰ ৭জন আক্রান্তৰ উপৰি কালিৰ দিনটোতে ৰাজ্যখনত আৰু ৮জন লোক ক’ভিড–১৯ত আক্রান্ত হয়৷ ইয়াৰে ৪ জনেই হৈছে গোলাঘাট জিলাৰ৷ আনহাতে নগাঁৱৰ ছোটো ৰূপহীৰ আজিজুৰ হক ৰহমান (২০), তিতাবৰ মধুপুৰৰ সুদীপ বুঢ়াগোহাঁই (২০), কাছাৰৰ জাবিদ হুছেইন (১৮) আৰু মামনুৰ উল লস্কৰ (২০)৷ বিয়লিৰ ভাগত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰা গোলাঘাটৰ দুজন হৈছে উৎপল বৰা (২৮), ৰূপম বৰা (২৩)৷ নিশাৰ ভাগত গোলাঘাট জিলাৰ আন দুজন লোকৰ দেহতো ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷ নতুনকৈ ক’ভিড–১৯ত আক্রান্ত আটাইকেইজনৰেই কোৱাৰেণ্টাইনত থকা অৱস্থাতে ৰোগ ধৰা পৰে৷ কাছাৰত জাবিদ হুছেইনে উত্তৰ প্রদেশ ভ্রমণ কৰি অহাৰ বিপৰীতে মামনুৰ উল লস্কৰ কালি পশ্চিমবংগৰ পৰা কাছাৰলৈ উভতি আহে৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ১১৫জনলৈ বৃদ্ধি পায়৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰত প্রকাশ কৰা অনুসৰি আক্রান্ত ১১৫জনৰ ভিতৰত সম্প্রতি ৬৮গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৪১জন৷ সেইদৰে এতিয়ালৈ ৪জন মৃত্যুমুখত পৰিছে৷ বহিঃৰাজ্যৰ দুগৰাকী ৰোগী নিজ ৰাজ্যলৈ উভতি গৈছে৷ নিশাৰ ভাগত ক’ভিড–১৯ পজিটিভ ধৰা পৰা ৰোগীসকলৰ বিতং তথ্য এইপর্যন্ত ৰাজহুৱা কৰা নাই স্বাস্থ্য বিভাগে৷