মইনবড়ী সত্রৰ ডেকা সত্রীয়াক জেএমবিৰ ভাবুকি; বন্ধ খামত পেলাই থৈ গ’ল সকীয়নি পত্ৰ
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ সত্ৰ, মঠ-মন্দিৰ, দেৱালয়ৰ ভূমিত সন্দেহজনক লোকৰ বেদখল তথা এনে ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠানসমূহত ধাৰাবাহিক চুৰিকাণ্ড সংঘটিত হৈ অহাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা । ইতিহাস বিজড়িত মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীৰ পুত্ৰ তথা ডেকা সত্রীয়া অপূর্ব অধিকাৰীক জে এম বিৰ অসম শাখাই মৃত্যুৰ ভাবুকি দিছে৷ মুছলিম মৌলবাদী সংগঠনটোৰ অসম শাখাৰ নামত জেহেৰুল ইছলাম নামৰ এজন লোকে সকীয়নি–পত্রযোগে মৃত্যুৰ ভাবুকি দিয়াা অপূর্ব অধিকাৰী মইনবড়ী সত্র উন্নয়ন সমিতিৰ সম্পাদকো৷ একেখন পত্রৰ জৰিয়তে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে জয়ন্ত মল্ল বৰুৱাকো প্রাণনাশৰ ভাবুকি দিছে৷
পত্রখনত উল্লেখ কৰা হৈছে এইদৰে– ‘অপূর্ব চাহাব, জে এম বি, অসমৰ তৰফৰ পৰা সংগ্রামী চালাম গ্রহণ কৰিব৷ বৰপেটাৰ মইনবড়ী সত্রক লৈ মন্ত্রী হিমন্ত, জয়ন্ত মল্ল আৰু আপুনি বহুদিন ধৰি মুছলমান মানুহক বদনামী কৰি আছে৷ সত্রৰ ছোৱালীক অপহৰণ কৰা, মুছলমানে অত্যাচাৰ কৰা বুলি মিছা অভিযোগ দিয়া হৈছে৷… আপুনি সত্রৰ পৰা মিছা অভিযোগ দি ইছলামক বদনামী কৰিছে৷ হিমন্ত, জয়ন্ত আৰু আপুনি ইছলামৰ চিৰশত্রু৷ আমি তিনিওজনক সাৰি যাব নিদিওঁ৷’ ভৱিষতে জে এম বিয়ে নামনি অসম দখল কৰিব বুলি পত্রখনৰ দ্বাৰা ঘোষণা কৰা হৈছে৷ তদুপৰি ডেকা সত্রীয়া অপূর্ব অধিকাৰীক উদ্দেশ্যি পুনৰ কোৱা হয়– ‘অধিকাৰী চাহাব, আপোনাক আমি নেতা বনাম৷ চিঠিখন পঠিয়ালোঁ, গোপনে ৰাখিব৷ বিশ্বাস কৰি চিঠিখন দিলোঁ, গোপনে ৰাখিব৷ অন্যথা চিঠিখন ৰাজহুৱা কৰিলে কঠোৰ শাস্তি দিয়া হ’ব৷ এটা কথা মনত ৰাখিব– হিমন্ত, জয়ন্ত আৰু আপুনি ইছলামৰ শত্রু৷ কিন্তু আপোনাক লাষ্ট সুযোগ দিয়া হৈছে৷’ জেহাদীৰ বিৰুদ্ধে ২০০৬ চনত বাতৰি পৰিৱেশনৰ কাৰণে অপূর্ব অধিকাৰীক মাফ কৰি দিলেও প্রয়াত ক্ষীৰেণ ৰয়, জনৈক ইছমাইল আৰু অপূর্ব অধিকাৰীক এখন সভাৰ পৰা খেদি দিয়াৰ প্রসংগও পত্রখনত উল্লেখ কৰা হৈছে৷ প্রেৰক জেহেৰুল ইছলামে পত্রখনত নিজৰ নামৰ তলত তাৰিখ উল্লেখ কৰিছে ৩–১–২০২০৷ এই পত্রখন ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ইতিমধ্যে বিষয়টো সন্দর্ভত অপূর্ব অধিকাৰীয়ে সৰভোগ আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩(এ)/৫০৬ ধাৰাৰ অধীনত ২০/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰাৰ লগতে ঘটনাস্থলী পৰিদর্শন কৰি তদন্ত অব্যাহত ৰাখিছে৷
ইফালে, ঘটনা সন্দর্ভত ডেকা সত্রীয়া তথা মইনবড়ী সত্র সমিতিৰ সম্পাদক অপূর্ব অধিকাৰীয়ে কয় যে যোৱা ৫ জানুৱাৰীৰ সন্ধিয়া কোনো অজ্ঞাত লোকে মইনবড়ী সত্রৰ সত্রাধিকাৰৰ বাসভৱনত এটা বন্ধ খাম পেলাই থৈ যায়৷ সন্ধিয়া প্রায় ৭ বজাত মই চাৰিচকীয়া বাহনখন লৈ ওলাই অহাৰ সময়তে গেটৰ সন্মুখতে বন্ধ খামটো প্রত্যক্ষ কৰি বুটলি লৈ গাড়ীত থৈ দিওঁ৷ বন্ধ খামটোত বিশেষ গুৰুত্ব নিদিয়াকৈ গাড়ীতে থাকে৷ বিভিন্ন সময়ত সৰভোগৰ বিভিন্ন অনুষ্ঠানে দান–বৰঙণিৰ লগতে ৰাজহুৱা অনুষ্ঠানত বক্তা হিচাপে নিমন্ত্রণী–পত্র ঘৰৰ পদূলিত বা বাৰাণ্ডাত দি আহে৷ উক্ত পত্রখনো মই তেনেকুৱা বুলি ভাবিছিলোঁ৷ কিন্তু পাছত খামটো খুলি চোৱাতহে পত্রখনত আপত্তিজনক কথা লিখা থকা দেখা পাওঁ৷ ইয়াৰ পাছত যোৱা ১৯ জানুৱাৰীত মই সৰভোগ আৰক্ষী থানাত সমগ্র বিষয়টোক লৈ এজাহাৰ দাখিল কৰিছোঁ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰিব যে অপূর্ব অধিকাৰীয়ে সম্প্রতি শ্রীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ সাধাৰণ সম্পাদক পদতো কার্যনির্বাহ কৰি আছে৷ ঐতিহ্যমণ্ডিত মইনবড়ী সত্রৰ সত্রাধিকাৰৰ পুত্র অপূর্ব অধিকাৰীক জেহাদী সংগঠন জে এম বিয়ে পত্রযোগে মৃত্যুৰ ভাবুকি দিয়াৰ লগতে সমগ্র বিষয়টোৰ তদন্ত প্রক্রিয়া আৰক্ষীয়ে কিদৰে আগবঢ়াই লৈ যায়, সেয়া লক্ষণীয় হ’ব৷