নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত চাঞ্চল্যকৰ হত্যাকাণ্ড, আটক অভিযুক্ত

নিহত পত্নীৰ বুকুত পেলাই থ’লে কেঁচুৱা

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ মঙলদৈ আৰক্ষীৰ এটা দলে সোমবাৰে সন্ধিয়া ৰামহৰি মুদৈবডি কেনেলৰ পাৰত পত্নীক হত্যা কৰি নিজৰ ৩ মহীয়া কেঁচুৱাক পত্নীৰ বুকুত থৈ পলায়ন কৰা পাষণ্ডটোক কৰায়ত্ত কৰে৷ হয়নুদ্দিন মণ্ডল নামৰ ৪গৰাকীকৈ মহিলাক বিয়া কৰোৱা অপৰাধীটোৱে দিনত বান্দিয়াত মাকৈৰ খেতিত লুকাই থাকি সন্ধিয়া গুৱাহাটীলৈ পলায়ন কৰিবলৈ ৰৈ থাকোতেই ৰাজীৱ ভৱনৰ সমীপৰ খাৰুপেটীয়া বাছ আস্থানত কৌশলেৰে কৰায়ত্ত কৰে মঙলদৈ থানাৰ ভাৰপ্রাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত যোৱা উপ–পৰিদর্শক ডাণ্টেজিৎ দেউৰীয়ে৷ লগে লগে মণ্ডলক মঙলদৈ থানাত অনা হয় আৰু স্পষ্টভাৱে পত্নী আচফুন খাতুনক হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে৷ মণ্ডলৰ ভিনীহিয়েকে ফোন কৰি যোৱা ৮ মার্চত আবেলি আচফুনক বাঘপৰিৰ পৰা মাতি আনিছিল আৰু দেওবাৰে পুৱতি নিশা হত্যা কৰি ৰামহৰিৰ মুদৈবডিলৈ যোৱা কেনেলৰ পাৰৰ হাবিয়নিত পেলাই থৈ গৈছিল৷ আচফুনে পিন্ধি থকা শাৰীৰে হত্যা কৰি নিজৰ ৩ মহীয়া কেঁচুৱাক কোচত থৈ গৈছিল৷ আৰক্ষীয়ে ঘটনাত জড়িত অধিক লোকৰ সন্ধান কৰি আছে৷ পত্নীহন্তা হয়নুদ্দিনে পৰ পুৰুষৰ লগত সম্পর্ক থকাৰ বাবেই হত্যা কৰা বুলি স্বীকাৰ কৰিছে৷ উল্লেখ্য যে সোমবাৰে আবেলি মঙলদৈ ৰামহৰিৰ সমীপত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ শুৱাই থোৱা মৃতদেহ৷ এই দৃশ্য অত্যন্ত কৰুণ কৰি তোলে মহিলাজনীৰ কাষত পিয়াহত কলমলাই থকা ৩ মহীয়া এটি শিশু উদ্ধাৰে৷ মৃত মাতৃৰ মৰম বিচাৰি ডাঠ হাবিয়নিত এনেদৰে অপৰিচিত মহিলাৰ মৃতদেহ উদ্ধাৰে দৰং কঁপাই যায়৷ এই হত্যাকাণ্ডক লৈ মঙলদৈ থানাই কঠিন পৰিশ্রম কৰি নিশাৰ ভাগত পৰিচয় উদ্ধাৰ কৰে আৰু মঙলদৈ বাঘপৰিৰ মইনুল হকৰ বিবাহিত জীয়ৰী আচফুন খাতুন বুলি অৱগত হয়৷ আৰক্ষীয়ে নিশাই তালাচী চলাই এজনী মহিলা আৰু দুজন পুৰুষক কৰায়ত্ত কৰে৷ মহিলাগৰাকীৰ ফোনেৰে যোগাযোগ কৰি আচফুনক মাতি অনা হৈছিল বুলি তদন্ত চলাই ক্ষিপ্রতাৰে তিনিওকে সোধ–পোছ চলায় আৰু আজি দিনৰ ভাগত হত্যাকাৰী হিচাপে চিহ্ণিত আচফুনৰ স্বামী হয়নুদ্দিনক বিচাৰি চলাথ কৰে৷ আৰক্ষীৰ এই তদন্তৰ জোৰতেই সন্ধিয়া আটক কৰায়ত্ত হয়৷

কিদৰে উদ্ধাৰ হৈছিল জীৱিত শিশুসহ মাতৃৰ মৃতদেহ
মঙলদৈ চহৰৰ সমীপৱর্তী ৰামহৰিৰ পৰা মুদৈবডিলৈ জলসিঞ্চন বিভাগৰ কেনেলৰ পাৰৰ ডাঠ হাবিয়নিত সোমবাৰে ৪ মান বজাত উদ্ধাৰ হৈছিল এগৰাকী মৃত মহিলাসহ ফেকুৰি থকা ৩ মহীয়া কেঁচুৱা৷ ৰামহৰিৰ পূব দিশে থকা মুদৈবডি কেনেলৰ পাৰৰ হাবিয়নিত পাষণ্ডই হত্যা কৰি পেলাই থোৱাৰ পাছত স্থানীয় শচীন বড়ো নামৰ যুৱকজনে গৰু আনিব গৈ হাবিত কেঁচুৱাৰ চিঞৰ শুনিবলৈ পায়৷ লগে লগে বড়োৱে ভয়ত ৰামহৰি বজাৰলৈ দৌৰি আহে আৰু মহলদাৰ ৰমেন ডেকাসহ ৱাহিদুৰ আহমেদক লৈ হাবিত কিদৰে শিশুৰ মাত ওলাল তাৰ সন্ধান কৰে৷ কেনেলৰ পাৰৰ নির্জন হাবিয়নিত শুৱাই থোৱা অৱস্থাত পৰিত্যক্ত মৃতদেহটো প্রত্যক্ষ কৰে৷ গাৰ নোম শিঁয়ৰি যোৱা অৱস্থাত ৰামহৰিৰ এই দলটোৱেই মৃত মহিলাগৰাকীৰ কোচত কেঁচুৱাটিক জীৱিত অৱস্থাত প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে শিশুটিক লগে লগে চিকিৎসালয়ত ভর্তি কৰে আৰু মৃত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভর্তি কৰে৷ স্বাভাৱিকতে পৰুৱাৰ আক্রমণ, কেবাঘণ্টাও প্রখৰ ৰ’দ আৰু পিয়াহত কলমলাই থকা শিশুটিক উদ্ধাৰকাৰীসকলে গাখীৰ, পানী খুৱাই মানৱীয়তাৰ পৰিচয় দিয়াই নহয় প্রাণো ৰক্ষা কৰে৷ অৱশ্যে মহিলাগৰাকী নিশা ১০ বজা পর্যন্ত চিনাক্ত কৰাটো সম্ভৱ হোৱা নাছিল৷ পিছে, নিশাৰ ভাগত মহিলাগৰাকী মঙলদৈ চহৰৰ নিকটৱর্তী বাঘপৰিৰ মইনুল আলীৰ কন্যা আচফুন খাতুন বুলি বুলি চিনাক্ত কৰে৷ লগে লগে পিতৃক আৰক্ষীয়ে থানালৈ লৈ আহে আৰু তদন্ত আৰম্ভ কৰে৷ প্রাথমিক তদন্তত প্রকাশ যে প্রায় ২ বছৰ পূর্বে বান্দিয়া চৰৰ হয়নুদ্দিন মণ্ডল নামৰ পাষণ্ডটোৰে আচফুনৰ বিয়া হৈছিল৷ কিন্তু অপৰাধী মনোবৃত্তিৰ হয়নুদ্দিনে শাৰীৰিক নির্যাতন চলাই অহাৰ বাবে সঘনাই বান্দিয়াৰ পৰা পলাই পিতৃৰ ঘৰলৈ আহিছিল৷ শেহতীয়াভাৱে পিতৃৰ ঘৰত আশ্রয় লৈ থকাৰ পাছত দেওবাৰে আবেলি হয়নুদ্দিনৰ ফোনৰ পৰা আচফুনৰ ঘৰৰ ওচৰৰ মহিলা এজনীলৈ ফোন কৰি মঙলদৈ লৈ আনে৷ হয়নুদ্দিনে মঙলদৈ ২নং ৱার্ডৰ ভাৰাঘৰত নিশা ৰাখি হত্যা কৰে আৰু সন্দেহ কৰা মতে, পুৱতি নিশা আন কোনো বন্ধু তথা সম্পর্কীয় লোকেৰে উদ্ধাৰ কৰা স্থান অর্থাৎ ৰামহৰিৰ পৰা মুদৈবডি কেনেলৰ পাৰলৈ লৈ যায়৷ এইখিনিতে প্রশ্ণ উঠিছে বান্দিয়া, বাঘপৰি আদি স্থান নির্বাচন নকৰি হয়নুদ্দিনসহ সংগীসকলে কিয় মুদৈবডিৰ স্থান বাছনি কৰিলে? মন কৰিবলগীয়া যে সমাগত বিটিচি নির্বাচনৰ পূর্বে হয়নুদ্দিনৰ পৰামর্শদাতাসকলে বড়োভাষিক এলেকাটো বাছনি কৰে যাতে হত্যাকাণ্ডক অন্যৰূপ দিব পাৰি৷ যিদৰে পানেৰীৰ ঘটনাটো সংঘাত সৃষ্টিৰ লক্ষ্যৰে পৰিকল্পনা কৰিছিল৷ কিন্তু সৌভাগ্যৰ বিষয় যে মঙলদৈ থানাৰ ভাৰপ্রাপ্ত বিষয়াই ক্ষিপ্রতাৰে তদন্ত কৰি কাইলৈ পথ অৱৰোধেৰে ইচ্যু ডাইভার্ট কৰাৰ সুযোগ নিদিলে৷
৪নং পত্নী আছিল আচিফুন
এজনী, দুজনী নহয়৷ মাত্র ২৪ বছৰ বয়সতে ৪ জনী পত্নীৰ গৰাকী হৈছিল হয়নুদ্দিন নামৰ মানৱ সভ্যতাক কলংকিত কৰা মঙলদৈ বান্দিয়াৰ এক পাষণ্ড৷ মাত্র ২ বছৰ পূর্বে জোৰ জবৰদস্তি কৰি বিয়া কৰাইছিল বাঘপৰিৰ পৰা ৪থ পত্নী আচিফুনক৷ গড হিচাবে প্রতি ৬ বছৰৰ মূৰে মূৰে পত্নী সলোৱা হয়নুদ্দিনৰ বিৰুদ্ধে পূর্বৰ পত্নীক অকথ্য নির্যাতনৰ অভিযোগ আছে৷ কালি ৰামহৰিত উদ্ধাৰ হোৱা পত্নী আৰু ৩ মহীয়া পুত্রৰ এই পর্যন্ত কোনো খবৰ নকৰি আত্মগোপন কৰাৰ পৰাই স্পষ্ট হৈছিল হত্যাৰ আঁৰত হয়নুদ্দিন৷ ইপিনে মঙলদৈ চিভিলৰ আইচিএনইউত চিকিৎসাৰত ৩ মহীয়া কেঁচুৱা৷ শিশুটি সম্প্রতি সুস্থ যদিও নৰাধম পিতৃ আৰু মাতৃৰ মমতা বঞ্চিত অৱস্থাত কোনে দায়িত্ব ল’ব তাক লৈ সৃষ্টি হৈছে উদ্বিগ্ণতা৷

You might also like