নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ পহিলা মাঘৰ দিনটোত হাজোত উদযাপন কৰা হয় মণিকূট উৎসৱ । হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবছৰে উদযাপন কৰা হয় এই মণিকূট উৎসৱ । ভাতৃত্ববোধ , ঐক্য, শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে সমন্বয়ৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জাতি-জনগোষ্ঠী আৰু ভিন্ন ধৰ্মৰ অসংখ্যজনে ।
মণিকূট উৎসৱৰ এই শোভাযাত্ৰাতে জীৱিত ৰূপত উপস্থাপন কৰা হয় ভূপেন হাজৰিকা আৰু লাচিত বৰফুকনক । ড০ ভূপেন হাজৰিকাৰ ৰূপত শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৱন মালি আৰু লাচিত বৰফুকনৰ ৰূপত অমূল্য কলিতাৰ প্ৰদৰ্শনে এই দুই মনিষীক যেন জীৱন্ত কৰি তুলিলে । জয়ৰাম দাস নামৰ এজন শিল্পীৰ পৰিকল্পনা আৰু এই ৰূপে বাৰুকৈয়ে আনন্দিত কৰিছে হাজোবাসীক ।
উল্লেখ্য যে, জয়ৰাম দাস নামৰ এই লোকজন হৈছে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ একান্ত অনুৰাগী । পেছাত এজন অট’ৰিক্সা চালক জয়ৰাম দাসে নিজৰ অটোখনৰ নামো ৰাখিছে সুধাকণ্ঠ ভূপেন হাজৰিকা । ইয়াৰোপৰি তেওঁ অটোখনৰ চাৰিওফালে ওলোমাই ৰাখিছে ভূপেন হাজৰিকাৰ ফটো সম্বলিত কালজয়ী গীতৰ কিয়দাংশ । জয়ৰাম দাসৰ প্ৰচেষ্টাতে এই বৰ্ষৰ মণিকূট উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত ভূপেন হাজৰিকা আৰু লাচিত বৰফুকনৰ জীৱন্ত মূৰ্তি তুলি ধৰা হৈছে ।
হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ এই সমন্বয় শোভাযাত্ৰাৰ মাজেৰেই প্ৰতিটো জাতি-জনগোষ্ঠী, বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সমাজখনলৈ দিছে এক সম্প্ৰীতিৰ বাৰ্তা ।