নিয়মীয়া বাৰ্তা, ৪ মার্চঃ ৰাজ্যখনত গড়কাপ্টানী বিভাগে বাট–পথ–দলং নির্মাণত প্রদর্শন কৰা সফলতাৰ বাবে মঙলবাৰে সদনৰ মজিয়াতে গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রশংসাত পঞ্চমুখ হৈ পৰিল বিৰোধী কংগ্রেছ বিধায়ক আবুল কালাম ৰছিদ আলম ৷ সদনৰ প্রশ্নোত্তৰ কালত বিধায়ক পবিন্দ্র ডেকাই উত্থাপন কৰা এক প্রশ্নৰ আঁত ধৰি পূব গোৱালপাৰা সমষ্টিৰ কংগ্রেছ বিধায়ক আলমে কয় যে আন ঠাইৰ দৰেই তেওঁৰ সমষ্টিটোত ৰাস্তা–ঘাট–দলং ভাল হৈছে ৷ পূর্বৰ তুলনাত বাট–পথ–দলঙৰ যথেষ্ট উন্নতি হৈছে ৷ ইয়াৰ বাবে তেওঁ সদনৰ মজিয়াতে গড়কাপ্টানী মন্ত্রী ড০ শর্মাক ধন্যবাদ জ্ঞাপন কৰে ৷
আনহাতে সদনত মন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি গড়কাপ্টানী বিভাগে ২০১৬ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ৰাজ্যখনৰ ১২,৪৪০ কিলোমিটাৰ পথ পকীকৰণ কৰিছে ৷ উল্লিখিত সময়ত পকী পথ–দলং নির্মাণৰ বিভিন্ন আঁচনিৰ বাবে মুঠ ১৪,৫৬৩.০৮ কোটি টকা খৰচ হয় ৷ ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিতে এই পথ নির্মাণ কৰা হৈছে ৷ ২০১৯–২০ বিত্তীয় বর্ষত গড়কাপ্টানী (পথ) বিভাগৰ বিভিন্ন আঁচনিৰ অধীনত ৪০৮৫ কিলোমিটাৰ পথ পকীকৰণৰ কাম আৰু ২২১খন পকী দলঙৰ কাম এতিয়ালৈ অনুমোদিত হৈছে ৷ চলিত বিত্তীয় বর্ষতে আৰু কিছু কাম অনুমোদন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে ৷ ইয়াৰ উপৰি চলিত বর্ষৰ আগৰে পৰা চলি থকা কামখিনিও বিভিন্ন পর্যায়ত আছে ৷ ইয়াৰ ভিতৰত ২০১৯–২০ বর্ষৰ বাজেট অনুসৰি নির্ধাৰিত লক্ষ্য হ’ল– ৬০৮২ কিলোমিটাৰ পথ আৰু ৫৯৫খন দলং নির্মাণ ৷
সদনত তেওঁ আৰু কয় যে পথ পকীকৰণ আৰু দলং নির্মাণৰ বাবে ২০১৯–২০ বিত্তীয় বর্ষত গড়কাপ্ঢানী (পথ) বিভাগৰ বাজেটত ১০,৩০৮.৬১ কোটি টকা ধার্য কৰা হৈছে ৷ সেইদৰে ২০১৯–২০ বিত্তীয় বর্ষত কেন্দ্রীয় চৰকাৰৰ পৰা পথ আৰু দলং নির্মাণৰ বাবে মুঠ ১৫৫১.৬৫ কোটি টকা অনুমোদন হৈছে ৷ পথ–দলং নির্মাণৰ মানৰ ক্ষেত্রত বিভাগে আপোচ নকৰে বুলি স্পষ্ট কৰি দি তেওঁ আৰু কয় যে যিবোৰ সমষ্টিত কামৰ অত্যধিক হেঁচাৰ বাবে ঠিকাদাৰৰ কাম লেহেম হৈছে, সেই সম্পর্কত ৰাজ্যিক গড়কাপ্ঢানী মন্ত্রী যোগেন মহনক অৱগত কৰিলে পৰৱর্তী পর্যায়ত সেই বিষয়সমূহ আলোচনামর্মে নিষ্পত্তিৰ ব্যৱস্থা কৰা হ’ব ৷