নিয়মীয়া বার্তা, ২২ এপ্রিলঃ অসমৰ বিত্ত আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ চলিত বর্ষৰ ‘ভাষাৰ ওজা হেমচন্দ্র বৰুৱা সফল অসমীয়া বঁটা’ প্রদান কৰাৰ কথা ঘোষণা কৰে তিনিচুকীয়া জিলাৰ পৰিৱেশ সুৰক্ষা সমিতি, অসমে ৷ মঙলবাৰে পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ কেন্দ্রীয় সভাপতি ঋতুৰাজ বৰুৱাই এই কথা জনায় ৷ সংগঠনটোৱে উল্লেখ কৰে যে ড০ হিমন্ত বিশ্ব শর্মা কেৱল এজন ৰাজনীতিকেই নহয়, এগৰাকী সফল লেখক, বাগ্মী ব্যক্তি হিচাপে পৰিচিত হৈছে ৷ ২০১৬ চনৰ পৰাই এই সংগঠনটোৱে অসমৰ ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ প্রতি শ্রদ্ধা নিবেদন কৰি গছপুলি ৰোপণ, সংৰক্ষণ, বিতৰণ কার্যসূচীটোক ‘ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ সোঁৱৰণীত বর্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্রতিপালন’ নামেৰে অভিহিত কৰি প্রতিবছৰে ধাৰাবাহিকভাৱে পৰিৱেশ সেউজকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ৷ ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ অপূর্ব অৱদান আৰু কর্মৰাজিক যুগমীয়া কৰি ৰখাৰ প্রয়াসেৰে এই বঁটা প্রদান কৰি আহিছে সংগঠনটোৱে ৷ অসমৰ ৰাজনৈতিক ক্ষেত্রখনত নিজৰ বিচক্ষণতাৰ পৰিচয় দাঙি ধৰা বহু গুৰুত্বপূর্ণ চৰকাৰী পদক্ষেপ গ্রহণ কৰি ৰাইজৰ মাজত এগৰাকী সক্রিয় ৰাজনীতিক আৰু মন্ত্রী হিচাপে নিজৰ অৱস্থিতি সবল ৰূপত প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অসমৰ বিত্ত আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ চলিত বর্ষৰ ‘ভাষাৰ ওজা হেমচন্দ্র বৰুৱা সফল অসমীয়া বঁটা’ আগবঢ়োৱাৰ কথা সদৰী কৰে ৷ আনহাতে, সংগঠনটোৱে পৰিৱেশ সুৰক্ষাৰ সৈতে নিবিড়ভাৱে জড়িত ব্যক্তিকো চলিত বর্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্রতিবছৰে ভাষাৰ ওজা হেমচন্দ্র বৰুৱা শ্রেষ্ঠ পৰিৱেশ কর্মী বঁটা প্রদান কৰাৰ কথাও ঘোষণা কৰে ৷ এই দুয়োটা বঁটাতে মানপত্র, স্মাৰক, উপহাৰ আৰু নগদ মাননি প্রদানৰ কথাও সংগঠনটোৱে জানিবলৈ দিয়ে ৷