মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কুশল প্রার্থনাৰে আজি জালুকবাৰীত বন্তি প্রজ্বলন
নিয়মীয়া বাৰ্তা, ১০ মে’ : সমাগত সময়ত সমগ্র বিশ্বৰ লগতে ভাৰত তথা অসমতো ক’ৰোনাৰ সর্বত্র আতংক বিৰাজমান ৷ এই বিভীষিকাময় পৰিস্থিতিৰ মাজতো স্বজাতি আৰু মাতৃভূমিক ৰক্ষার্থে কঁকালত টঙালি বান্ধি দিনে–নিশাই সেৱা আগবঢ়াই আই অসমীক বচাই ৰাখিবলৈ সর্বতোপ্রকাৰৰ চেষ্টাত ব্রতী হৈছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ মন্ত্রী ড০ শর্মাই অসমবাসীৰ বাবে কৰা ত্যাগ আৰু কষ্টৰ সমভাগি হৈছে জালুকবাৰী সমষ্টিৰ প্রতিগৰাকী লোক ৷ এই মহান বীৰ যোদ্ধাজনৰ মানসিক আৰু শাৰীৰিক স্থিতি অধিক মজবুত তথা শক্তিশালী কৰাৰ উদ্দেশ্যে ভগৱানৰ ওচৰত প্রার্থনা জনাই সকলো কার্যকর্তাক আজি সন্ধিয়া ৬ বজাত নিজ নিজ পদূলিত এগছিকৈ বন্তি প্রজ্বলন কৰিবলৈ ভাজপা শুৱালকুছি মণ্ডলৰ তৰফৰ পৰা বিনম্রতাৰে অনুৰোধ জনাইছে শুৱালকুছিৰ মণ্ডল সভাপতি হেম চন্দ্র বৈশ্যই ৷