নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ জুবিন গাৰ্গ । সংগীত আৰু সুৰৰ সেঁতুৰে মন গহনলৈ সদায় বাটকুৰি বোৱা এটা নাম জুবিন । ২৫ টা বছৰে অসমীয়া সংগীত ক্ষেত্ৰখনৰ জৰিয়তে প্ৰতিজন মানুহৰ বাবেই গঢ়ি তুলিছিল সেঁতু । মানুহৰ মনত গঁজি উঠিছিল জুবিন গাৰ্গ নামৰ এটা সুৰ । এই সুৰ আৰু সংগীতৰ মৰম স্বৰূপেই এইবাৰ একাংশ মানুহে যাতায়তত ভোগ কৰি অহা যন্ত্ৰণা ৰোধিবলৈ সাজি উলিয়ালে ‘জুবিন গাৰ্গ সেঁতু’ ।
তিনিচুকীয়া জিলাৰ কাকপথাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনৰ থেপাবাৰী গাঁৱত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে জুবিন গাৰ্গ সেঁতুৰ । নদিহিং নদীৰ ওপৰত নিৰ্মিত এই দলংখন বাঁহেৰে নিৰ্মাণ কৰা হৈছে যদিও বহু সংখ্যক লোকে যাতায়তৰ ক্ষেত্ৰত ভোগ কৰি অহা যমৰ-যন্ত্ৰণাৰ অন্ত পেলাব । থেপাবাৰী গাঁৱত বাস কৰা ১০০ টা পৰিয়ালৰ লগতে থেপাবাৰীৰ পৰা টেঙাপানীৰ আৰু আন বহুকেইখন গাঁৱৰ সৈতে সংযোগ ঘটাব এই জুবিন গাৰ্গ সেঁতুৱে ।
দৈনিক এখন টুলুঙা নাৱেৰে প্ৰায় ৪০০ ৰ পৰা ৫০০ লোক পাৰ হৈ আহিছিল নদিহিঙৰ ওপৰেৰে । বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যৱসায়ী , ৰোগী আৰু সাধাৰণ জনে দৈনিক এনেদৰেই নদী পাৰ হৈ যাব লগা হৈছিল । একবিংশ শতিকাৰ এনে এক সময়ত নদিহিঙৰ ওপৰেৰে যাতায়ত কৰিব লগা এইসকল লোকৰ যমৰ-যন্ত্ৰণাই বাৰুকৈয়ে উন্মোচিত কৰিছে উন্নয়নৰ স্বৰূপ ।
শিল্পী জুবিন গাৰ্গে এই দলংখনৰ কথা জানিব পাৰি নিজৰ ফেচবুক পোষ্টৰ জৰিয়তেও প্ৰকাশ কৰিছে মন্তব্য । থেপাবাৰীৰ এইসকল জনতাই জুবিন গাৰ্গলৈ দিয়া মৰমৰ প্ৰতিদান এইখন দলঙৰ বাবে শিল্পীগৰাকীয়ে চেলুট দিয়ে অঞ্চলটোৰ লোকসকলক । লগতে আগন্তুক ২৯ ফেব্ৰুৱাৰী তাৰিখে নিজ হাতেৰে জুবিন গাৰ্গে এই দলং উদ্বোধন কৰিব বুলি উল্লেখ কৰে ফেচবুক পোষ্টটোত ।
প্ৰায় ৫০০ মিটাৰ দৈৰ্ঘৰ থেপাবাৰী-টেঙাপানী সংযোগী এই দলংখনৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাইজ । মৰমৰ শিল্পীগৰাকীৰ নামেৰে দলংখনৰ নাম ৰাখি সুখী অনুভৱ কৰাৰ লগতে আগন্তুক দিনসমূহত এই দলংখনে দুয়োখন গাঁৱৰ বহুতো লোকৰ সৈতে সেঁতু গঢ়িব বুলি আশা কৰিছে ৰাইজে ।
মৰমৰ শিল্পী জুবিন গাৰ্গে যিদৰে গানৰ মাজেৰে মানুহৰ হৃদয়ৰ পৰা হৃদয়ৰ সেঁতু গঢ়িছে তেনেদৰে জুবিন গাৰ্গ সেঁতুৱেও এইসকল মানুহৰ দুখ-দুৰ্গতি আৰু যন্ত্ৰণাৰ জীয়া ছবিখন এডাল সেঁতুৰে কঢ়িয়াই নিয়ক চৰকাৰৰ সমুখলৈ ।