নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মর্গত এন্দুৰে ভক্ষণ কৰিলে মৃতদেহঃ শিৱসাগৰত উত্তেজনা 

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ শিৱসাগৰ চহৰৰ মাজমজিয়াত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাংকান নগৰৰ সমীপত সোমবাৰে সন্ধিয়া সংঘটিত ভয়াৱহ পথ দুর্ঘটনাটোত আহত দুর্লভ হাজৰিকা ওৰফে বাবলু হাজৰিকাৰ (২৬) নিশা ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ৷ সোমবাৰে সন্ধিয়া শিৱসাগৰ দিশৰ পৰা গৈ থকা এ এছ–০৪ কে–৭০০১ নম্বৰৰ সুৰাপায়ী চালকে চলাই নিয়া তীব্র বেগী চেণ্ড্র’খনে নিজৰ দিশেৰে আহি থকা বাবলু হাজৰিকা আৰু দীপাংকৰ হাজৰিকাই চলাই অহা স্প্লেণ্ডাৰ বাইকখন মহটিয়াই নিছিল ৷ এই দুর্ঘটনাত গুৰুতৰভাৱে আহত হোৱা দীপাংকৰ হাজৰিকা আৰু বাবলু হাজৰিকাক লগে লগে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰা হৈছিল যদিও নিশাই বাবলু হাজৰিকাৰ মৃত্যু হোৱাত শিৱসাগৰৰ লগতে দিচাংমুখতো তুমুল উত্তেজনাৰ সৃষ্টি হয় ৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দিচাংমুখ আঞ্চলিক সমিতিৰ প্রচাৰ সচিব হিচাপে কার্যনির্বাহ কৰি থকা প্রচাৰ সচিবগৰাকীৰ মৃত্যুক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে সংগঠনটোৱে ৷ মঙলবাৰে মৃতদেহ শিৱসাগৰ আহি পোৱাৰ পিছতেই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দিচাংমুখ আঞ্চলিক সমিতিৰ শতাধিক সদস্যই জিলা ডপায়ুক্তক এখন স্মাৰক–পত্রযোগে এই ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰাৰ লগতে দৰিদ্র পৰিয়ালটোক একমাত্র উপার্জনক্ষম দুর্লভ হাজৰিকাৰ পৰিয়ালবর্গলৈ উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ৷ জিলা উপায়ুক্তলৈ প্রেৰণ কৰা স্মাৰক–পত্রত সংগঠনটোৱে ঘাতক চেণ্ড্র’ বাহনখনৰ চালক ইন্দ্রকান্ত চাংমাইক শিৱসাগৰ আৰক্ষীয়ে নিশাই এৰি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে সুৰাপান কৰি দুটাকৈ পৰিয়াললৈ কাল অমানিশা নমাই অনা সুৰাপায়ী চালকজনক তাৎক্ষণিকভাৱে গ্রেপ্তাৰৰ দাবী উত্থাপন কৰিছে ৷ ইয়াৰোপৰি সংগঠনটোৱে এতিয়াও জীৱন–মৃত্যুৰ সৈতে ডিব্রুগড চিকিৎসা মহাবিদ্যালয় হাস্পতালত যুঁজ কৰি থকা দীপাংকৰ হাজৰিকাৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ ঘাতক বাহনখনৰ গৰাকীক বাধ্য কৰোৱাবলৈ উপায়ুক্তৰ ওচৰত দাবী তোলে ৷ ইফালে সোমবাৰে নিশা ৯.৩০ বজাত মৃত্যু হোৱা দুর্লভ হাজৰিকাৰ মৃতদেহ নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে মর্গলৈ প্রেৰণ কৰে যদিও মঙলবাৰে পুৱা মৰণোত্তৰ পৰীক্ষাগাৰৰ ভিতৰতেই দুর্ভগীয়া যুৱকজনৰ মুখমণ্ডলৰ এটা অংশ এন্দুৰে ভক্ষণ কৰাক লৈ ৰাইজক ক্ষোভিত কৰি তুলিছে ৷ মৃত্যুৰ পিছতো অসম চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই মৃতদেহৰ পর্যাপ্ত নিৰাপত্তা আৰু সন্মান নজনোৱা কার্যক লৈ সৃষ্টি হৈছে প্রতিক্রিয়াৰ ৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই আগন্তুক তিনিটা দিনৰ ভিতৰত নিহত আৰু আহতৰ পৰিয়ালবর্গক উচিত ক্ষতিপূৰণ আৰু ঘাতক চালকক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰাত যদি হেমাহি কৰে, তেন্তে জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ কার্যসূচী হাতত লোৱা হ’ব বুলি স্পষ্ট কৰি দিছে ৷

You might also like