নিয়মীয়া বাৰ্তা, ৯ জুলাই : মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কামৰূপ (মহানগৰ) জিলাত ঘোষিত লকডাউনৰ লগতে সমগ্র ৰাজ্যখনত এই ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে লোৱা ব্যৱস্থাৱলীৰ পর্যালোচনা কৰে৷ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰীও উপস্থিত থাকে৷ কামৰূপ মহানগৰ জিলাত লকডাউন সফল কৰাৰ বাবে স্বাস্থ্য বিভাগ, কামৰূপ মহানগৰ জিলা প্রশাসন, আৰক্ষী প্রশাসন আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহে লোৱা পদক্ষেপৰ শলাগ লৈ মুখ্যমন্ত্রী সোণোৱালে কয় যে লকডাউনৰ কার্যসূচী কঠোৰভাৱে ৰূপায়ণ কৰাৰ ফলতে কামৰূপ মহানগৰ জিলাত চিনাক্ত হোৱা ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা ৩৬ শতাংশৰ পৰা ১৬ শতাংশলৈ হ্রাস পাইছে৷ এই লকডাউনে গুৱাহাটী মহানগৰী তথা কামৰূপ মহানগৰ জিলাত এই ভাইৰাছৰ সংক্রমণৰ শৃংখল ভঙা তথা সংক্রমণ প্রতিৰোধৰ দিশত সুদূৰপ্রসাৰী প্রভাৱ পেলাব৷ বৈঠকত মুখ্যমন্ত্রীয়ে জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনক অত্যাৱশ্যকীয় সামগ্রীৰ সৰবৰাহ সুচল কৰি ৰখাৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণৰ বাবেও নির্দেশ দিয়ে৷ তেওঁ লগতে দুখীয়া আৰু সমাজৰ দুর্বল শ্রেণীলৈ অত্যাৱশ্যকীয় সামগ্রী যোগানৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে৷ আজিৰ বৈঠকতে সিদ্ধান্ত লোৱা হয় যে স্থানীয় আৰক্ষী থানাৰ পৰা প্রয়োজনীয় অনুমতি লাভ কৰাৰ পাছত ইচ্ছুক স্বেচ্ছাসেৱী সংগঠনসমূহে জিলাখনৰ তথা মহানগৰীৰ দুখীয়া জনসাধাৰণলৈ খাদ্য–সামগ্রী যোগান ধৰিব পাৰিব৷ কামৰূপ মহানগৰ জিলাত লকডাউন কার্যসূচী সফল কৰি তোলাৰ বাবে মুখ্যমন্ত্রীয়ে জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই অতিমাৰী প্রতিহত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপসমূহলৈ সহায়–সহযোগিতা আগবঢ়োৱাৰ বাবেও আহ্বান জনায়৷
ক’ভিড–১৯ৰ পৰা ৰাজ্যখনৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰখাৰ দিশত চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে ভৱিষ্যৎ জনসাধাৰণৰ মতামত আৰু সমাজৰ বিভিন্ন অংশৰ সৈতে আলোচনা কৰি ভৱিষ্যতৰ কর্মপন্থা হাতত লোৱা হ’ব বুলি কয়৷ মুখ্যমন্ত্রীগৰাকীয়ে ক’ভিড–১৯ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে ব্যক্তিগত যান–বাহনৰ চলাচল নিয়ন্ত্রণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ তেওঁ লগতে পদপথৰ শাক–পাচলি তথা অন্যান্য খাদ্য–সামগ্রী বিক্রী কৰা বিষয়টো ভালদৰে মূল্যায়ন কৰাৰ বাবে আহ্বান জনায়, যাতে ইয়াৰ দ্বাৰা জিলাখনত ক’ভিড সংক্রমণ বৃদ্ধি নহয়৷ ইয়াৰ বাবে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানৰ লগতে স্বাস্থ্য বিভাগক ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ পৰিস্থিতি নিৰীক্ষণ কৰাৰ বাবেও নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে জিলা প্রশাসনসমূহকো সংশ্লিষ্ট জিলাত লকডাউনৰ লেখীয়া পদক্ষেপ গ্রহণ কৰাৰ আগতে সম্ভাব্য অন্যান্য বিষয়সমূহ ভালদৰে পর্যালোচনা কৰাৰ বাবেও নির্দেশ দিয়ে৷