নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ দেশত মাৰাত্মক ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ অভিকেন্দ্ৰ ৰূপে ইতিমধ্যে চিহ্নিত হৈছে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ । ইয়াত অনুষ্ঠিত তবলিগী জামাতত অংশগ্ৰহণকাৰী একাংশই অসমসহ বিভিন্ন ৰাজ্যলৈ প্ৰাণঘাতী ভাইৰাছ সংক্ৰমণ ঘটোৱাটো ইতিমধ্যে নিশ্চিত হৈছে । কিন্তু ইয়াৰ মাজতে ভয়ংকৰ কথাটো হ’ল তবলিগী জামাতত অংশ লোৱা বহুসংখ্যক বৰ্তমান পৰ্যন্ত আত্মগোপন কৰা তথা সন্ধানহীন হৈ থকাটো । অসমৰ পৰাও নিজামুদ্দিনলৈ যোৱা জামাতীয়ে বহিঃৰাজ্য ভ্ৰমণ কৰাৰ তথ্য ইতিমধ্যে স্পষ্ট হৈছে । মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত ইতিমধ্যে ধৰা পৰিছে অসমৰ এনে একাংশ জামাতী । সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি মহাৰাষ্ট্ৰৰ থানে আৰু উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ বাৰৱালনত অসমৰ মুঠ ১৫ জন জামাতী ধৰা পৰিছে । মুমব্ৰাৰ উপ-আৰক্ষী আয়ুক্ত সুভাষ বাৰছে থানতে অসমৰ দুজন জামাতীক আটক কৰাৰ বিষয়ে সদৰী কৰি সংবাদ মাধ্যমৰ আগত কয় যে ১৩ বাংলাদেশী নাগৰিক আৰু অসমৰ দুজন লোকক থানেত কোৱাৰেণ্টাইন কৰা হৈছে । আটাইকেইজন নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি আহিছিল । আটাইকেইজনৰে নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু পৰীক্ষাৰ প্ৰতিবেদন আহি পোৱাৰ পাচতে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে । অনুৰূপ ধৰণে উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ বাৰৱালন অঞ্চলৰ এটা মছজিদত বাহৰ পাতি থকা অসমৰ আন ১৩ জন জামাতীকো কৰায়ত্ত কৰা হৈছে । এই সন্দৰ্ভত মহানগৰখনৰ আৰক্ষী অধীক্ষক অমিত কুমাৰ আনন্দে সংবাদমাধ্যমক কয় যে, এই ব্যক্তিসকলৰ আটাইকেইজনে অসমৰ । প্ৰাথমিক পৰীক্ষা কৰি তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হৈছে । লগতে সমগ্ৰ বিষয়টোৰ অনুসন্ধান অব্যাহত আছে ।