নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল, ধৈৰ্য, বিতুৰ কণ্ঠস্বৰ পৰীক্ষাৰ অনুমতি বিচাৰি নিয়াৰ আবেদন

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ মাওবাদীৰে সম্পর্ক ৰখাৰ অভিযোগত গ্রেপ্তাৰ কৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, যুটীয়া সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ নেতা বিতু সোণোৱালৰ কণ্ঠস্বৰ পৰীক্ষাৰ অনুমতি বিচাৰিছে তদন্তকাৰী সংস্থা ‘নিয়া’ই৷ তিনিওজনৰ কণ্ঠস্বৰ পৰীক্ষাৰ অনুমতি বিচাৰি চানমাৰিস্থিত নিয়াৰ বিশেষ আদালতত দুখন আবেদন দাখিল কৰিছে তদন্তকাৰী সংস্থাটোৱে৷ অৱশ্যে বৃহস্পতিবাৰে এই সন্দর্ভত কোনো নির্দেশনা জাৰি নকৰিলে আদালতে৷ ইয়াৰ বিপৰীতে আবেদন দুখনৰ শুনানিৰ দিন অহা ১০ ফেব্রুৱাৰী ধার্য কৰে৷ উল্লেখ্য যে মাওবাদীৰে সম্পর্ক ৰখাৰ অভিযোগত অখিল গগৈ, ধৈর্য কোঁৱৰ আৰু বিতু সোণোৱালক গ্রেপ্তাৰ কৰিছিল নিয়াই৷ অসমত মাওবাদীৰ কার্যকলাপ বিয়পোৱাৰ আঁৰত তিনি নেতাৰ হাত আছে বুলি নিয়াই দাখিল কৰা এজাহাৰত উল্লেখ কৰা হৈছিল৷ সমান্তৰালভাৱে গগৈ, কোঁৱৰ আৰু সোণোৱালে মাওবাদীৰে ফোনযোগে সম্পর্ক ৰাখিছিল বুলি ‘নিয়া’ই সন্দেহ প্রকাশ কৰিছে৷ ইতিমধ্যে তিনিওজনৰে ফোনকল বাণীবদ্ধও কৰিছে ‘নিয়া’ই৷ ইয়াৰ বাবে কণ্ঠস্বৰ পৰীক্ষাৰ অনুমতি বিচাৰিছে ‘নিয়া’ই৷ ইফালে, বৃহস্পতিবাৰে সাতদিনৰ ‘নিয়া’ৰ জিম্মাৰ অন্তত আদালতত হাজিৰ কৰোৱা হয় ছাত্র মুক্তি সংগ্রাম সমিতিৰ কার্যকৰী সভাপতি মানস কোঁৱৰক৷ পুনৰ ‘নিয়া’ই জিম্মাত নিবিচৰাৰ বাবে কোঁৱৰক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ মাওবাদীৰে সম্পর্ক ৰখাৰ অভিযোগতে কোঁৱৰকো গ্রেপ্তাৰ কৰিছিল ‘নিয়া’ই৷

You might also like