নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাখিয়তী-পুৰণি পঘা-পুৰণি বিহুৱান-বেঙেনা-লাও লৈয়ে গৃহবন্দী অসমীয়াই পাতিব গৰুবিহু

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ বহাগ এটি ঋতু নহয়…নহয় বহাগ এটি মাহ– সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই তিনিটা দশক পূৰ্বে অসমীয়া জাতিৰ সাহসৰ সৈতে তুলনা কৰা জাতিৰ আয়ুসৰেখাস্বৰূপ চিৰ চেনেহী বহাগ যেন হঠাৎ হৈ পৰিল অচিনাকী । জাতিক সাহস, প্ৰেৰণা, উৎসাহ যোগাই অহা তথা প্ৰগতি, উন্নতিৰ প্ৰতীকস্বৰূপ চেনেহৰ ৰঙালী নিয়ম অনুযায়ীয়েই অসমীয়াৰ নঙলাৰ মুখ পালেহি । চ’তৰ পহিলাৰ পৰাই হেঁপাহৰ বহাগক আদৰাৰ বাবে গা সাতখন-আঠখন হোৱা অসমীয়াৰ হেঁপাহ আৰু উৎসাহত হঠাৎ চেঁচাপানী ঢালিলহি ক’ভিড-১৯ মহামাৰীয়ে ।

মাত্ৰ কেইদিনমান আগলৈকে গাঁৱৰ চুবুৰিয়ে চুবুৰিয়ে হেঁপাহৰ বহাগক আদৰিবৰ বাবে প্ৰতিজন গঞাৰ লগতে জীয়ৰী-বোৱাৰীয়ে কঁকালত টঙালি বান্ধিছিল ৰঙালীক উদযাপনৰ বাবে । কিন্তু হঠাৎ যেন সকলো ওলট-পালট হ’ল ।

একমাত্ৰ মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবেই দেশবাসীৰ সৈতে একত্ৰিত হোৱা অসমীয়াই জাতিৰ আয়ুসৰেখা বহাগক ৰঙীন মাদকতাৰে উদযাপন কৰাৰ পৰা বিৰত থাকিলেও আনুষ্ঠানিকত সম্পন্নৰে অৱশ্যেই পালন কৰিব বহাগ বিহু ।

ইফালে বিহুৰ ক্ষণত শিৱসাগৰৰ কোনো হাটে-বজাৰে নাই ৰাইজৰ উচাহ । মৰিশালিৰ নিস্তব্ধতাৰ মাজত গ্ৰামাঞ্চলৰ কোনো কৃষকে চাইকেলৰ কেৰিয়াত মাখিয়তী, সন্মুখৰ হেণ্ডেলত ওলমাই অনা দীঘল জাতিলাউ আৰু কুকুৰাঠেঙীয়া পোৱাল বেঙেনাকেইটাই দিছে বহাগ অহাৰ বাতৰি ।

You might also like