নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত প্লাষ্টিকৰ ঘৰ

প্লাষ্টিক প্ৰদূষণ ৰোধৰ বাবেই মাজুলী প্ৰশাসনৰ পদক্ষেপ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ মাজুলীৰ ৰাইজৰ নতুন পদক্ষেপ। নিজস্ব গৃহ নথকা আৰু জৰাজীৰ্ণ গৃহত চলি থকা অংগনবাড়ী কেন্দ্ৰসমূহৰ বাবে নতুন নিৰ্মাণ কৰা হৈছে ১০০টা কেন্দ্ৰ। শিশুসকলৰ পৰ্যাপ্ত পৰিচৰ্যাৰ বাবে নিৰ্মাণ কৰা এই কেন্দ্ৰ সমূহৰ বৈশিষ্ট হৈছে  পেলনীয়া প্লাষ্টিক হয় আপুনি ঠিকেই ভাবিছে আপুনি পানী খাই পেলাই দিয়া বটলটো ব্যৱহাৰ কৰিয়েই নিৰ্মাণ কৰিছে এই কেন্দ্ৰসমূহ। মাজুলীৰ কাকৰিকটাৰ প্ৰায় ১০০টা অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ হৈছে প্লাষ্টিক বটলৰে। বটলসমূহত বালি ভৰাই ইটা সদৃশ ভাৱে নিৰ্মাণ কৰা হৈছে একো একোখন বেৰ। প্লাষ্টিকৰে নিৰ্মাণ কৰা ঘৰসমূহ চাবলৈ অগনণ মানুহৰ সমাগম ঘটিছে।

                  দৈনন্দিন বৃদ্ধি পোৱা প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ বাবেই মাজুলী প্ৰশাসনৰ এই পদক্ষেপৰ শলাগ লৈছে সকলোৱে।