নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ৰাজ্যত বিকল্প ৰাজনীতিৰ দলৰ কুছকাৱাজ চলি থকা সময়তে ৰিপুণ বৰাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। আছুৰ নেতৃত্বক প্ৰত্যাহ্বান জনাই সাংবাদিকৰ সৈতে হোৱা এক মুখামুখিত ৰিপুণ বৰাই কয় যে অসমত কংগ্ৰেছৰ বাহিৰে বিকল্প নাই। কংগ্ৰেছেই একমাত্ৰ বিকল্প।আমি কংগ্ৰেছেই CAA বাতিল কৰিব পাৰিম। পূৰ্বতেও কংগ্ৰেছে অসমক সুস্থিৰ চৰকাৰ দি আহিছে আৰু অনাগত দিনটো আমি সুস্থিৰ চৰকাৰ দি অসম ৰক্ষা কৰিম আৰু CAA বাতিল কৰিম বুলি মন্তব্য ৰিপুণ বৰাৰ।
Prev Post
Next Post