মাজুলীৰ পৰা দ্বিতীয়বাৰৰ বাবে বিদেশলৈ ৰপ্তানি বিশ কুইণ্টল ৰঙা বাও চাউল
বিশ্বৰ বজাৰলৈ মাজুলীৰ ৰঙা বাও চাউল
নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ: দ্বীপ জিলা মাজুলীৰ বিশুদ্ধ প্রাকৃতিক পৰিৱেশত বিশেষকৈ কোনোধৰণৰ ৰাসায়নিক সাৰ–কীটনাশক ব্যৱহাৰ নকৰাকৈ কৰা বাওধান আজি মাজুলীৰ ঐশ্বর্য ৰূপে বিবেচিত হৈছে৷ ABM Agri Industry & Research pvt.Ltd নামৰ এটা কোম্পানীয়ে মাজুলীৰ ৰঙা বাও চাউল মাজুলীৰ পৰা নি ছিংগাপুৰ, চৌদী আৰব, কুৱেটকে ধৰি বহুকেহখন আৰবীয়ান দেশত বিক্রীৰ উদ্যোগ গ্রহণ কৰিছে৷ এহ উপলক্ষে মাজুলী জিলা প্রশাসন, মাজুলী জিলা কৃষি বিভাগ, এপার্ট আৰু মাজুলী জেংৰাইমুখ প্রডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত মাজুলীৰ জেংৰাইমুখত ‘ফ্লেগ অফ’ অনুষ্ঠানত বিশ কুইণ্টল ৰঙা বাও চাউল পৰিবহণ কৰা বাহনৰ ফ্লেগ অফ কৰি কার্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসে৷ অনুষ্ঠানত অংশগ্রহণ কৰি কৃষি পৰামর্শদাতা, প্রাক্তন যুটীয়া সঞ্চালক ড০ ইমৰান হুছেইনে কয়– উৎপাদন আৰু বাণিজ্য দুয়োটা দিশৰ প্রতি আমাৰ কৃষকসকলে গুৰুত্ব দিব লাগিব৷ কৃষকসকলেই মাজুলীক কৃষিৰ ক্ষেত্রত নিশ্চিতভাৱে দেশৰ ভিতৰতে শিখৰলৈ নিব পাৰিব৷ এহক্ষেত্রত কৃষকক সহায়ৰ বাবে কৃষি বিষয়াসকলৰ দুৱাৰখন সদায় খোলা আছে৷ তেওঁ আৰু কয়– এই সময়খিনিয়েই উৎপাদনৰ বাবে মাজুলীৰ কাৰণে উপযুক্ত সময়৷ প্রয়োজন হ’লে কৃষকৰ পথাৰখন আমি ৰাতিও খোলা ৰাখিব পাৰোঁ৷ মাজুলী জিলা কৃষি বিষয়াই ৰঙা বাও মাজুলীৰ ঐতিহ্য বুলি উল্লেখ কৰি কয়– বিদেশেই নহয় দেশৰ ভিতৰতো হয়াৰ যথেষ্ট চাহিদা আছে৷ বিদেশী বৃহৎ কোম্পানীবোৰে বিদেশলৈ পঠোৱা এই ৰঙা বাও চাউলৰ যথেষ্ট পৰীক্ষা–নিৰীক্ষা সম্পাদন কৰিহে মাজুলীৰ ৰঙা চাউলৰ ওপৰত গুৰুত্ব প্রদান কৰিছে৷ বিশেষকৈ প্রচুৰ পৰিমাণে জিংক আৰু আহৰন থকা, প্রকৃতিনির্ভৰ আৰু কোনো ৰাসায়নিক, কীটনাশকবা বননাশক প্রয়োগ নকৰা এই ৰঙা বাও চাউলৰ গুণাগুণ কেতিয়াও হ্রাস নাপায়৷ বিদেশী ৰাষ্ট্রত ইয়াৰ পৰা অধিক দাম পোৱাৰ লগতে মাজুলী, অসম তথা ভাৰতৰ নাম উজলি থাকিব৷ উল্লেখ্য যে মাজুলীৰ জেংৰাইমুখ প্রডিউচাৰ কোম্পানী লিমিটেডৰ কৃষক গোটত পাঁচশৰো অধিক কৃষক জডিত হৈ আছে৷ ৰঙা চাউলৰ সমান্তৰালকৈ পর্যায়ক্রমে সৰিয়হৰ তেল, গুৰ, নহৰু আৰু উখোৱা চাউল, নেমু আদিও বিদেশলৈ ৰপ্তানি কৰি কৃষকসকলক আগবঢ়াই নিবৰ বাবে প্রচেষ্টা চলি থাকিব বুলি কোম্পানীটোৰ লোকে অৱগত কৰে৷