নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰৰ বাংলাদেশ সীমান্তত গৰুসহ বাংলাদেশী যুৱকক আটক

নিয়মীয়া বার্তা, ৯ মার্চঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তর্গত ভাৰত–বাংলা সীমান্তৱর্তী দ্বীপচৰৰ পৰা শনিবাৰে নিশা সীমান্তত টহলদাৰীৰ দায়িত্বত থকা সীমান্ত সুৰক্ষা বাহিনীয়ে এটা গৰুসহ বাংলাদেশী যুৱক এজনক আটক কৰে ৷ বাংলাদেশী যুৱকজনে বাংলাদেশৰ পৰা ভাৰতত প্রৱেশ কৰি ভাৰতৰ পৰা চোৰাং গৰু সৰবৰাহকাৰীৰ লগত লগ হৈ দ্বীপচৰ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা কৰি থকা অৱস্থাত ৬ নং বিএন, বি এছ এফৰ পহৰাৰত সীমান্ত সুৰক্ষা বাহিনীয়ে চোৰাং গৰু সৰবৰাহকাৰী যুৱকজনক এটা গৰুসহ আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা বাংলাদেশী যুৱকজন বাংলাদেশৰ কুৰিগ্রাম জিলাৰ ৰৌমাৰী থানাৰ অন্তর্গত ছাট কৰাইবাৰী গাঁৱৰ ছলেমান আলীৰ পুত্র নয়ন হোছেইন (২১) বুলি চিনাক্ত কৰা হৈছে৷ নয়ন হোছেইন নামৰ বাংলাদেশী যুৱকজন চোৰাং গৰু সৰবৰাহকাৰীৰ লগত আগদিনা ভাৰতত প্রৱেশ কৰিছিল৷ আটক কৰা বাংলাদেশী যুৱকজনৰ পৰা গৰু এটাৰ লগতে দা, কাঁইটীয়া তাঁৰৰ ওপৰেদি গৰু পাৰ কৰা বাঁহৰ সঁজুলি এটা আৰু ম’বাইল ফোন এটা উদ্ধাৰ কৰে৷ পিছত বাংলাদেশী যুৱকজনক সীমান্ত সুৰক্ষা বাহিনীয়ে হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষী চকীত চমজাই দিয়ে বুলি জানিব পৰা গৈছে ৷

You might also like