নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনক ভিত্তি কৰি সদৌ অসম ছাত্র সন্থাই (আছু) বিকল্প ৰাজনৈতিক শক্তিৰ জন্ম দিয়া বিষয়টোৰ চর্চা অব্যাহত থকাৰ সময়তে ছাত্র সংগঠনটোৱে জাতীয় অভিৱর্তন অনুষ্ঠিত কৰাৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে ৷ অহা মার্চৰ শেষৰ ফালে আছুৱে অনুষ্ঠিত কৰিব এই জাতীয় অভিৱর্তন ৷ শুকুৰবাৰে এই কথা সদৰী কৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই ৷ বৃহস্পতিবাৰে ৰাজ্যিক কার্যনির্বাহক আৰু শুকুৰবাৰে প্রতিনিধি সভাত গ্রহণ কৰা প্রস্তাৱসমূহৰ বিষয়ে সদৰী কৰি ড০ ভট্টাচার্যই কয়– ‘কাবিৰোধী আন্দোলন সুশৃংখল, অহিংস আৰু গণতান্ত্রিকভাৱে আগুৱাই নিয়া হ’ব ৷ এই সমগ্র বিষয়টো আলোচনা কৰাৰ বাবে এখন জাতীয় অভিৱর্তন অনুষ্ঠিত কৰিব বিচাৰিছোঁ ৷ ‘কা’বিৰোধী আন্দোলন আগুৱাই নিয়াৰ ক্ষেত্রত সহযোগিতা কৰি অহা দল–সংগঠনসমূহ সৈতে আলোচনা কৰি এইক্ষেত্রত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব ৷ আমি আন্দোলনৰ আৰম্ভণিতে সিদ্ধান্ত গ্রহণ কৰিছোঁ যে শিক্ষার্থীসকলে পৰীক্ষাও দিব আৰু আন্দোলনো কৰিব ৷ সেয়েহে বর্তমান বিভিন্ন পৰীক্ষা চলি থকাৰ মাজতে পৰীক্ষার্থীৰ অসুবিধা নোহোৱাকৈ আন্দোলনৰ কার্যসূচী আগুৱাই নিয়া হৈছে ৷ পৰীক্ষা শেষ হ’লেই ‘কা’বিৰোধী আন্দোলন অধিক শক্তিশালী কৰা হ’ব ৷ তৃণমূল পর্যায়লৈকে এই আন্দোলন লৈ যাবলৈ আমি সিদ্ধান্ত গ্রহণ কৰিছোঁ ৷ ৩০ জনগোষ্ঠীয় সংগঠন, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু শিল্পী সমাজৰ সৈতে লগ লাগি ‘কা’বিৰোধী আন্দোলন আগবঢ়াই নিয়া হ’ব ৷’
আনহাতে, অসম আন্দোলনৰ লগত জড়িত কর্মচাৰী পৰিষদ, কেন্দ্রীয়–র্ধকেন্দ্রীয়্ কর্মচাৰী সংস্থা, উকীল সংস্থা, অসম সাহিত্য সভা আদি সকলোকে লগত লৈ এই সংগ্রামখন আগুৱাই নিয়াৰ বাবে এখন সমূহীয়া মঞ্চ গঠনৰ পোষকতাও কৰে ড০ ভট্টাচার্যই৷ আনহাতে, অসম উন্নতি সভা আৰু অসম সেনা পুনৰ সংগঠিত কৰা হ’ব বুলি উল্লেখ কৰি আছুৰ মুখ্য উপদেষ্টাজনে বিভিন্ন স্থানত আছু নেতাৰ ওপৰত কৰা পুলিচী নির্যাতন বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে ৷ এই প্রসংগতে তেওঁ কয়– ‘সমগ্র অসমত ছাত্র নেতাসকলৰ ওপৰত চৰকাৰে নির্যাতন আৰম্ভ কৰিছে ৷ এই নির্যাতন বন্ধ কৰিবই লাগিব৷ চৰকাৰে যিমানেই দমন নচলাওক, ‘কা’ৰ বিৰুদ্ধে আমাৰ আন্দোলন অব্যাহত থাকিব ৷’ ইপিনে বি টি আৰ শান্তি চুক্তি সম্পন্ন হ’লেও সকলো জাতি–জনগোষ্ঠীৰ ভূমি, ভাষা, নিযুক্তি সাংবিধানিকভাৱে সমাধান কৰিবলৈও তেওঁ আহ্বান জনায় ৷ গুৱাহাটীৰ বিবেকানন্দ কেন্দ্রত অনুষ্ঠিত প্রতিনিধি সভাৰ অন্তত সংবাদ মাধ্যমৰে বার্তালাপ কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে বিকল্প ৰাজনৈতিক দল সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় – ‘ৰাজনৈতিক দলৰ বিষয়টো এতিয়া বিকল্প হিচাপে বিবেচনা হৈছে৷ এটা সময়ত এই বিষয়টোৱে হয়তো মূল বিষয় হ’ব ৷ ছাত্র সন্থাৰ মজিয়াৰ পৰা গৈ বহুতে বিশ্বাসঘাতকতা কৰিলে৷ জাতিৰ স্বার্থ বিঘ্নিত কৰি একাংশ নেতাই ৪৩ বছৰৰ বাংলাদেশীৰ বোজা অসমৰ ওপৰত জাপি দিব বিচাৰিছে ৷ কংগ্রেছ সদায়েই বাংলাদেশীৰ পক্ষত আছে ৷ বিজেপিয়েও বাংলাদেশীৰ পক্ষ লৈছে ৷ সেয়েহে জাতিৰ স্বার্থত ছাত্র সন্থাৰ নিশ্চয় দায়িত্ব আৰু কর্তব্য আছে ৷ যাৰ বাবে মার্চ মাহৰ শেষৰ ভাগত আন্দোলন কিদৰে আগুৱাই নিয়া হ’ব, সেই বিষয়ে চিন্তা–চর্চা কৰিবলৈ জাতীয় অভিৱর্তন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে ৷’
আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়েও সংবাদ মাধ্যমৰ আগত কয় যে ‘কা’বিৰোধী আন্দোলন তৃণমূল পর্যায়লৈকে লৈ যোৱা হ’ব৷ এই আন্দোলন শক্তিশালী কৰিবলৈ আগন্তুক সময়ত গ্রহণ কৰিবলগীয়া কার্যসূচী সদৰী কৰি তেওঁ কয়– ‘ৰাজ্যৰ প্রতিটো অঞ্চল, ৱার্ড পর্যায়লৈকে এই আন্দোলন লৈ যোৱা হ’ব৷ ‘কা’ৰ বিৰুদ্ধে গাঁওসভা, পথসভা, প্রতিবাদী সভা, গণজাগৰণ সভা, নাগৰিক সভা, পদযাত্রা, চাইকেল–মটৰচাইকে সমদল, জোঁৰ সমদল অনুষ্ঠিত কৰা হ’ব৷ পৰীক্ষা শেষ হোৱাৰ লগে লগেই প্রতিখন জিলা সদৰত গণসত্যাগ্রহ কার্যসূচী ৰূপায়ণ কৰা হ’ব৷’ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে প্রত্যক্ষভাৱে বিকল্প ৰাজনৈতিক দল গঠন সন্দর্ভত স্পষ্টভাৱে আজি কোনো সিদ্ধান্ত গ্রহণ নকৰিলেও আছুৱে অনুষ্ঠিত কৰিব বিচৰা জাতীয় অভিৱর্তনত এই বিষয়টোৱে যে গুৰুত্ব লাভ কৰিব সেয়া নিশ্চিত ৷