নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ সোমবাৰে যোৰহাটত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ সাংগঠনিক সভাত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আগন্তুক নিৰ্বাচনত লক্ষ্যত উপনীত হ’ব বুলি মন্তব্য কৰে । আগন্তুক ২১ ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টী । ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া উজনিৰ পৰা আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল ।
সোমবাৰে এই সভাতেই ৰাজ্যিক সভাপতিগৰাকীয়ে আগন্তুক দিনসমূহত বিজেপি মিত্ৰজোঁটৰ বাহিৰে অন্য দলৰ দখলত থকা সমষ্টিসমূহত অভিযান আৰম্ভ কৰিব বুলি উল্লেখ কৰে । পূৰ্বে নগাঁৱৰ চামগুৰিত সাংগঠনিক সভা কৰাৰ লগতে সোমবাৰে তিতাবৰ আৰু মৰিয়নি সমষ্টিৰ লগতে ক্ৰমাগতভাৱে শিৱসাগৰ আৰু গোলাঘাটৰ কংগ্ৰেছৰ দখলত থকা সমষ্টিসমূহত সাংগঠনিক ভেটি শক্তিশালী কৰিব বুলিও উল্লেখ কৰে ৰঞ্জিত দাসে ।
ইতিমধ্যে অসমৰ জনতাৰ ৭০ শতাংশ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখৰ পৰা মণ্ডল পৰ্যায়ৰ সকলো কাৰ্যকৰ্তা আকুণ্ঠ সহযোগিতাৰ বাবেই আগন্তুক দিনত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ৰঞ্জিত দাসে ।