নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছন ১০০ লক্ষ্যৰে বিজেপিৰ বিশেষ সাংগঠনিক সভা

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ২১ ৰ নিৰ্বাচনত মিছন ১০০ ৰ লক্ষ্যৰে যোৰহাটত সোমবাৰে অনুষ্ঠিত হয় বিজেপিৰ বিশেষ সাংগঠনিক সভা । এই বিশেষ বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস , মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা , যোৰহাটৰ স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী , দুই সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু তপন গগৈৰ লগতে জিলাৰ প্ৰতিটো মণ্ডলৰ নেতা-কৰ্মী উপস্থিত থাকে ।

এই বিশেষ বৈঠকত উপস্থিত হৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত চৰ্চিত হৈ থকা তৃতীয় বিকল্পৰ সম্বন্ধে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে । বৰ্তমানলৈকে যিহেতু দলটো জন্ম হোৱা নাই গতিকে ই কংগ্ৰেছ, বিজেপি কাৰ ওপৰত প্ৰভাৱ পেলাব অথবা কি লক্ষ্যৰে আগবাঢ়িব সেয়া জনাৰ পিছতহে দলটো সম্বন্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পৰা যাব বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, যোৱা চাৰিবছৰত দলটোৱে যিখিনি কাম কৰিছে আৰু আগন্তুক এটা বছৰত যিখিনি কাম কৰিব সেয়াই দলটোৰ ক্ষেত্ৰত আসনৰ সংখ্যা বৃদ্ধি কৰিব বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ভাৰতীয় জনতা পাৰ্টীয়ে ১০০ খন আসন লাভ কৰাটো নিশ্চিত বুলি  মত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ।

You might also like