মিছেছ ইণ্ডিয়াৰ ফাইনেলত গহপুৰৰ শিক্ষয়িত্রী ছায়া গোস্বামী
নিয়মীয়া বার্তা, ৬ মে’ : মিছন ড্রিমছৰ উদ্যোগত অনুষ্ঠিত ‘মিছেছ ইণ্ডিয়া–২০২০’ শীর্ষক সৌন্দর্য প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডত প্রৱেশ কৰি গহপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মহকুমাটোৰ ওপৰ ৰজাবাৰী প্রাথমিক বিদ্যালয়ৰ কৃতী শিক্ষয়িত্রী ছায়া গোস্বামীয়ে ৷ উক্ত সৌন্দর্য প্রতিযোগিতাখনৰ নিয়ম অনুসৰি চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিবলৈ এতিয়া ছায়া গোস্বামীক অসমবাসী ৰাইজৰ সঁহাৰিৰ প্রয়োজন হৈছে ৷ এইক্ষেত্রত উক্ত প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ ভোটিং প্রক্রিয়াত অসমবাসী ৰাইজে ছায়া গোস্বামীক সহায় কৰিলে চূড়ান্ত বিজয়ী হোৱাৰ পথত অগ্রগতি লাভ কৰিবলৈ সক্ষম হ’ব কৃতী শিক্ষয়িত্রীগৰাকী ৷ গতিকে অসমবাসী ৰাইজৰ লগতে বিভিন্ন দল– সংগঠনক এইক্ষেত্রত ভোট প্রদান কৰি সহায়– সহযোগিতা আগবঢ়াবৰ বাবে ছায়া গোস্বামীয়ে আহ্বান জনাইছে ৷ প্রতিযোগিতাখনত ছায়া গোস্বামীৰ বাবে ভোট প্রদানৰ লিংক হ’ল – https//www.missiondreams.com/pages//contestant/80877e7e – cd 98 – 4f65 – 806d – 714 b2 cffcdfa