নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীয়ে মুকলি কৰিলে বন বিভাগৰ এণ্টি ডিপ্রেচন স্কোৱাড

সকলোৱে মিলি হ্রাস কৰিব লাগিব হস্তী–মানৱৰ সংঘাত

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ৰাজ্যখনৰ বিভিন্ন প্রান্তত সংঘটিত হৈ থকা মানুহ আৰু বন্যপ্রাণীৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মানুহ আৰু বন্যপ্রাণী সংঘাতপ্রৱণ ১৫ খন জিলাৰ বাবে ১৫ টা এণ্টি ডিপ্রেডেচন স্কোৱাডৰ শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে বন বিভাগে প্রশিক্ষণকে আদি কৰি সকলো ব্যৱস্থা প্রদানেৰে ইয়াৰ বাবে ৫০জনকৈ ফ্রণ্টলাইন সদস্য নিযুক্ত কৰিছে ৷ অচিৰেই ১০০জনতকৈ অধিক আৰু এনে সদস্যক বন বিভাগে প্রশিক্ষণ প্রদান কৰিব ৷ এই ইণ্টি ডিপ্রেডেচন স্কোৱাডক সংঘাতৰ সম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সদ্যহতে ১৫০ টা ব’ৰ পাম্প একচন গান আৰু ১৫ হাজাৰ ৰাউণ্ড ৰাবাৰ বুলেট প্রদানৰ ব্যৱস্থা কৰা হৈছে ৷ এই উপলক্ষে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে এই স্কোৱাডে মানুহ আৰু বন্যপ্রাণীৰ সংঘাত লাঘৱ কৰাৰ দিশত জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ দিশত গুৰুত্বপূর্ণ ভূমিকা ল’ব ৷ মানুহ আৰু বন্যপ্রাণীৰ শান্তিপূর্ণ সহাৱস্থান একান্ত জৰুৰী আৰু এই স্কোৱাডে এনেকুৱা সংঘাত নিৰাময়ৰ দিশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব ৷ মুখ্যমন্ত্রীয়ে এই সংঘাত নিৰাময়ৰে প্রাণ হানিকৰ ঘটনা একেবাৰে নোহোৱা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি এই স্কোৱাডৰ সৈতে জনসাধাৰণক সক্রিয়ভাৱে সহায়–সহযোগিতা আগবঢ়োৱাৰ বাবেও আহ্বান জনায় ৷ ইপিনে এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে স্কোৱাডৰ সদস্যসকলক অস্ত্র আৰু অন্যান্য সা–সঁজুলি প্রদান কৰে ৷

You might also like