নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটাপ্ৰাপক মিছামাৰীৰ উত্তম তাঁতীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ মিছামাৰী অঞ্চলৰ ২নং ধনখনা গাঁৱৰ দুঃসাহসী ছাত্ৰ উত্তম তাঁতীক দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্ৰদানৰ পাছত বৃহত্তৰ অঞ্চলটোৰ শাসকীয় বিজেপি, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, বড়ো ছাত্ৰ ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আদি সংগঠন, ৰাইজ আদি বিপুল সম্বৰ্দ্ধনা জনোৱাৰ উপৰি দুঃসাহসী ছাত্ৰ উত্তম তাঁতী অধ্যয়নৰত ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ত অলপতে সহপাঠী, শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয় কৰ্তৃপক্ষ আদিয়ে বিপুল সম্বৰ্দ্ধনা জনাই আৰু ইয়াৰ সমান্তৰালকৈ কালি দুঃসাহসী উত্তম তাঁতী প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা বালিসূতি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত, শিক্ষানুষ্ঠানটোৰ শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয় কৰ্তৃপক্ষই গামোছা, শৰাই, জাপি আদিৰে সম্বৰ্দ্ধনা জনায় ৷ উত্তম তাঁতীৰ উপৰি অনুষ্ঠানত উপস্থিত থকা দুঃসাহসী ছাত্ৰ গৰাকীৰ পিতৃ-মাতৃকো ফুলাম গামোছাৰে সন্মান জনাই ৷ বিদ্যালয় খনত কালি অনুষ্ঠিত গুণোৎসৱৰ বহিঃমূল্যায়ন পৰ্বৰ পাছতে উক্ত সম্বৰ্দ্ধনা পৰ্ব অনুষ্ঠিত কৰে বুলি বিদ্যালয় খনৰ প্ৰধান শিক্ষক চন্দন বৰাই জানিবলৈ দিছে ৷ উল্লেখ্য যে ২নং ধনখনা গাঁৱৰ বাসিন্দা নৃপেন তাঁতী আৰু পাৰ্ৱতী তাঁতীৰ দ্বিতীয় পুত্ৰ উত্তম তাঁতী ২০১৯ চনৰ ৭ জুলাইৰ দিনা গাওঁখনৰ মাজেৰে বৈ যোৱা দীঘলজুলি নদীৰ বাৰিষাৰ ভৰা নৈত বুধু তাঁতীৰ পত্নী অঞ্জলি তাঁতী আৰু তাইৰ দুই সন্তান ক্ৰমে দিয়া তাঁতী আৰু দিপীকা তাঁতীক লগত লৈ ভৰা নৈ পাৰ হ’ব যাওঁতে তিনিও পানীৰ সোঁতত উটি গৈছিল ৷ সেই মূহূৰ্ততে নদীৰ পাৰত হাত ভৰি ধুবলৈ যোৱা ১১ বছৰীয়া উত্তম তাঁতী তীব্ৰ সোঁতত বোৱা পানীৰ পৰা তিনিওকে উদ্ধাৰ কৰিবলৈ দুঃসাহস কৰি ভৰা নৈত জপিয়াই পৰিছিল ৷ দুঃসাহসী উত্তম তাঁতী পানীত উটি যোৱা মহিলা অঞ্জলি তাঁতী আৰু মহিলা গৰাকী হাতত ধৰি ভৰা নৈ পাৰ কৰিবলৈ প্ৰয়াস কৰা প্ৰায় তিনিবছৰীয়া কন্যা দিয়া তাঁতীক কোনোমতে উদ্ধাৰ কৰি পাৰলৈ উঠাই আনিবলৈ সক্ষম হয় যদি দুৰ্ভাগ্যবশতঃ মহিলা গৰাকীৰ কনিষ্ঠ কন্যা গৰাকীক উদ্ধাৰ কৰিব নোৱাৰিলে ৷ ২০১৯ চনৰ ৭ জুলাইৰ দিনা দুই মাতৃ কন্যাক ভৰা নৈৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বালিসূতি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা দুঃসাহসী উত্তম তাঁতীক সেই সময়ত স্থানীয় ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক আৰু বৰ্তমানৰ বিধায়কৰ উপৰি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তা উত্তম তাঁতীৰ ঘৰলৈ সোঁত বৈছিল ৷ দুঃসাহসিকতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা উত্তম তাঁতীক সেই সময়ত সকলোৱে প্ৰশংসা কৰাৰ উপৰি ফুলাম গামোছা আদিৰে ওপচাই পেলাইছিল৷ সেই বছৰটোতে পোন্ধৰ আগষ্টৰ স্বাধীনতা দিৱসত শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা দুঃসাহসী কিশোৰ উত্তম তাঁতীক তেজপুৰ চাৰ্চ ফিল্ডত অনুষ্ঠিত স্বাধীনতা দিৱসত প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তৰ হাতেৰে প্ৰশংসা পত্ৰ, ধনৰ টোপোলা, এখন চাইকেল আদিৰে সম্বৰ্দ্ধনা জনাইছিল ৷ বৰ্তমান অঞ্চলটোৰ ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ উত্তম তাঁতীক সেই সময়ত শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পাৱাৰ, ঠেলামৰা ৰাজহচক্ৰ কাৰ্যালয়ৰ বিষয়া লক্ষ্য জ্যোতি দাস, স্থানীয় ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহল, বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তা আদিয়ে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা উত্তম তাঁতীক ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্ৰদানৰ কাৰণে দাবী জনায় আহিছিল আৰু অৱশেষত সকলোৰে প্ৰচেষ্টা আৰু আশা সফল হয় ৷ উল্লেখ্য যে উত্তম তাঁতী ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা লাভ কৰি মিছামাৰী অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যখন লৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয় ৷
প্ৰেৰক বগা তপ্ন
You might also like