নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ এইবাৰ ‘কা’ৰ বিৰুদ্ধে হার্টথ্র’ব জুবিন গার্গৰ এক অভিনৱ প্রতিবাদ ৷ এই অভিনৱ প্রতিবাদ আৰম্ভ হ’ব খোদ মুখ্যমন্ত্রীৰ গৃহ জিলাতেই ৷ কিন্তু শ্লোগানেৰে নহয়, ক্ষোভেৰেও নহয়, এখন সুন্দৰ ফুটবল খেলৰ মাধ্যমেৰে পাছ দি, গ’ল দি ‘কা’ৰ বিৰোধিতা কৰিব জুবিনে ৷ ডিব্রুগডৰ চৌকিডিঙী খেলপথাৰত এই ফুটবল মেচ অনুষ্ঠিত হ’ব ২৭ জানুৱাৰীত ৷ কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনৰ হৈ জুবিন গার্গ আৰু সতীর্থৰ টীমটোৱে ডিব্রুগডৰ চৌকিডিঙী খেলপথাৰত নামিব ‘কা’ৰ বিৰুদ্ধে এই ফুটবল মেচযোগে ৷ ইফালে, এই আন্দোলনৰ ধাৰা অব্যাহত ৰাখি ২৮ জানুৱাৰীত ডিগবৈতো ‘কা’ৰ বিৰুদ্ধে প্রতিবাদ গঢ়ি তুলি টীমটোৱে আনখন ফুটবল মেচত অংশগ্রহণ কৰিব৷ ডিব্রুগডত ৱেক আপ গাইজ ফুটবল ক্লাবৰ সৈতে ২৭ জানুৱাৰীৰ দিনৰ ১.৩০ বজাত প্রতিদ্বন্দ্বিতাত নামিব লগা দলটোত জুবিনৰ সৈতে কণ্ঠশিল্পী নীল আকাশ, বাবু বৰুৱা, সংগীত পৰিচালক অজয় ফুকন, গীতিকাৰ শশাংক সমীৰ, কণ্ঠশিল্পী নেকিবে অংশ ল’ব বুলি জানিব পৰা গৈছে ৷