নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টাক সাক্ষাৎ গুৱাহাটী বাতৰিকাকত হকাৰ সন্থাৰ

নিয়মীয়া বাৰ্তা, ২২ এপ্রিলঃ মঙলবাৰে সদৌ গুৱাহাটী বাতৰিকাকত হকাৰ সন্থাৰ এটি প্রতিনিধি দলে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীক তথ্য আৰু জনসংযোগ সঞ্চালকৰ কার্যালয়ত সাক্ষাৎ কৰে ৷ এই সাক্ষাৎকালত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে বর্তমান পৰিস্থিতিত বাতৰিকাকত বিতৰকসকলে সন্মুুখীন হোৱা বিভিন্ন সমস্যাৰ বুজ লয় ৷ সন্থাৰ বিষয়ববীয়াৰ দলটোৱে মিডিয়া উপদেষ্টাগৰাকীক তেওঁলোকৰ অভাৱ–ভিযোগৰ বিষয়েও অৱগত কৰে ৷ সন্থাই মিডিয়া উপদেষ্টাগৰাকীৰ হাতত মুখ্যমন্ত্রীলৈ উদ্দেশ্য কৰি লিখা তেওঁলোকৰ বিভিন্ন অভাৱ–অভিযোগ সম্বলিত এখন আবেদন–পত্র প্রদান কৰে ৷ হৃষীকেশ গোস্বামীয়ে সন্থাৰ প্রতিনিধি দলটোক কয় যে তেওঁলোকৰ সমস্যা আৰু অভাৱ–অভিযোগৰ বিষয়ে মুখ্যমন্ত্রীক অৱগত কৰি প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা হ’ব ৷ সদৌ গুৱাহাটী বাতৰিকাকত হকাৰ সন্থাৰ হৈ সভাপতি দিলীপ বর্মন, সাধাৰণ সম্পাদক ব্রজেন বর্মন আৰু কার্যকৰী সভাপতি দীপক কলিতাই মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাক সাক্ষাৎ কৰিছিল ৷ এই সাক্ষাৎকালত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্রদীপ ব্রহ্ম আৰু ‘ৰাইজৰ বাতৰি’ৰ সম্পাদক ভূপেন্দ্র নাথ ভট্টাচার্যও উপস্থিত আছিল ৷

You might also like