নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে ৬ নং দফা সমিতিৰ প্ৰতিবেদনঃ অনুপস্থিত আছু

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ মঙলবাৰে দিনৰ ১২ বজাত ব্ৰহ্মপুত্ৰ অতিথিশালাত মুখ্যমন্ত্ৰী আৰু পূৰ্ণ কেবিনেটে গ্ৰহণ কৰে অসম চুক্তিৰ ৬ নম্বৰ দফা সমিতিৰ প্ৰতিবেদন । অচিৰেই এই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিছে কেবিনেটে ।

উল্লেখ্য যে, অসম চুক্তিৰ ৬ নং দফা সমিতিৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিত সদৌ অসম ছাত্ৰ সন্থা মুখ্য উপদেষ্টাকে ধৰি সভাপতি আৰু সম্পাদকো অন্তৰ্ভুক্ত আছিল যদিও আজি প্ৰতিবেদন দাখিলৰ সময়ত উপস্থিত নাথাকে আছুৰ এজনো সদস্য ।

You might also like