নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ CAA বাতিলৰ দাবীত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰিছিল আৰু আলোচনাৰ দ্বাৰা সকলো সমস্যা সমাধান কৰিব পাৰি বুলি মন্তব্য কৰিছিল আৰু সকলো সংগ্ৰামী দল-সংগঠনক ৰাজ্যৰ মুখ্য সচিবৰ দ্বাৰা আলোচনালৈ মতাৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদ মেলত ব্যক্ত কৰাৰ পাছতে আছু আৰু AJYCPৰ নেতৃত্বই কোনো ধৰণৰ আলোচনাৰ মজিয়ালৈ নহাৰ কথা স্পষ্ট কৰে। আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে চৰকাৰে আলোচনাৰ মাজেৰে ৰাইজক বিভ্ৰান্তি কৰিব বিচাৰিছে নে গণ আন্দোলন ৰোধ কৰিব বিচাৰিছে সেয়া ৰহস্যজনক।