নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুলুক গাঁৱত কিদৰে বিহু পালন কৰিলে মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ মঙলবাৰে পহিলা ব’হাগৰ দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ডিব্ৰুগড়স্থিত জন্মভূমি মুলুক গাঁৱত । পুৱাই পিতৃ-মাতৃৰ সমাধিত সেৱা জনাই অসমবাসীৰ কাষত থাকি মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সাহস আৰু আশীৰ্বাদ বিচাৰে মুখ্যমন্ত্ৰীয়ে ।

ইয়াৰ পাচতেই ডিব্ৰুগড়ৰ খনিকৰত উপস্থিত হৈ গৃহহীন লোকসকলৰ বাবে স্থাপন কৰা অস্থায়ী আশ্ৰয়গৃহত বিহুৰ জলপান প্ৰদান কৰাৰ লগতে ৰঙালী বিহুৰ সেৱা আৰু শুভেচ্ছা জনায় । একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ ড০ বি আৰ আম্বেদকাৰদেৱলৈ শ্ৰদ্ধা নিবেদন কৰে ।

এই জটিলক্ষণত সকলো লোককে অসহায় লোকৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে, পহিলা ব’হাগৰ দিনটোতে ক’ৰোনা যোদ্ধাৰ কাষত থিয় দি যিসকলে বিহুৰ মাজতো সকলোৰে সুৰক্ষাৰ বাবে নিৰ্ভয়ে আৰু নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে সেইসকলৰ মংগল কামনাৰে সকলোকে পদূলিত এগছিকৈ বন্তি জ্বলাবলৈ আহ্বান জনাইছে সৰ্বানন্দ সোণোৱালে ।

You might also like