নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ইনাৰ লাইন পাৰ্মিট আৰু নাগৰিকত্ব সংশোধনী আইনৰ বাবে উত্তপ্ত চুবুৰীয়া ৰাজ্য মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ ৩৫০ গৰাকী লোকক বৃহস্পতিবাৰে উদ্ধাৰ কৰি নিজ গৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে । বিগত প্ৰায় এটা সপ্তাহে মেঘালয়ত অব্যাহত থকা হিংসাত্মক কাৰ্যৰ বাবে আবদ্ধ হৈ থকা এইসকল লোকৰ মুখত এতিয়া হাঁহি দেখিবলৈ পোৱা গৈছে ।
বিগত এটা সপ্তাহে পানীৰ বাহিৰে অন্য একো খাবলৈ নোপোৱা এইসকল লোকৰ অৱস্থা যেন দুৰ্বিসহ হৈ পৰিছিল । আৰক্ষী-প্ৰশাসনৰ নেতৃত্বত এইসকল লোকক উদ্ধাৰ কৰি কোকৰাঝাৰৰ নিজ বাসগৃহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ পাচতেই এতিয়া উৎফুল্লিত হৈ পৰিছে লোকসকল । ইতিমধ্যে মেঘালয়ৰ আন আন অঞ্চলতো আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে ।