নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিক-HS পৰীক্ষাত উত্তীৰ্ণ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীলৈ সুখবৰ

জনতা ভৱনত মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ জনতা ভৱনত মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত গ্ৰহণ কৰা হৈছে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মেট্ৰিক আৰু HS পৰীক্ষাত উত্তীৰ্ণ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীক দিয়া হ’ব ১০ হাজাৰ টকাকৈ এককালীন সাহায্য।

           চাহ বাগিচাৰ নিবনুৱা যুৱকসকলক ব্যৱসায়ৰ বাবে দিয়া হ’ব  ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনৰ প্ৰতিটো বাসগৃহত সৌৰশক্তি চালিত বিদ্যুৎ সংযোগৰ বাবে প্ৰদান কৰা হ’ব ২০ হাজাৰ টকা লগতে বাগানসমূহৰ যিসমূহ কেঁচা ঘৰ আছে সেইসমূহ ঘৰ পকী কৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকত।

           ভূমিহীন কৃষক সকলে পূৰ্বৰ ৩ বিঘা ভূমিৰ পৰিবৰ্তে বৰ্তমান ৭ বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মন্ত্ৰী পৰিষদৰ বৈঠকত লগতে সমাজ কল্যাণ বিভাগত যিসকলে ঠিকা ভিত্তিত কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰীক পে স্কেলকে ধৰি সকলো চৰকাৰী সুবিধা প্ৰদান কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত।

You might also like