মেৰাপানীৰ স্বগৃহত আৱেগিক আদৰণি সীমান্তক
নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ সীমান্তৰ সিপাৰে ১৪ মাহৰ কাৰাবাস খটাৰ পিছত বৃহস্পতিবাৰে মেৰাপানীৰ স্বগৃহত উপস্থিত হ’ল সীমান্ত৷ গোলাঘাট জিলাৰ মেৰাপানীৰ নৱগ্রামৰ যুৱক সীমান্ত শইকীয়াই জীৱিকাৰ তাড়নাত কর্মৰত হৈ থকা মাছমৰীয়াৰ জাহাজখনে ভুলবশতঃ আন্তঃৰাষ্ট্রীয় সাগৰীয় সীমান্ত অতিক্রম কৰাৰ অপৰাধত পাকিস্তানৰ নৌসেনাৰ হাতত বন্দী হৈছিল৷ বিগত ২০১৮ চনৰ ২৮ অক্টোবৰত পাকিস্তানৰ কাৰাগাৰলৈ অসমৰ সীমান্তসহ ২০জন ভাৰতীয় মাছমৰীয়াক প্রেৰণ কৰে৷ সীমান্ত পাকিস্তানৰ হাতত বন্দী হোৱাৰ খবৰ লাভ কৰি নৱগ্রামৰ দুর্ভগীয়া পৰিয়ালটোৱে দুখত ভাগি পৰাই নহয়, এক অনিশ্চিত শংকাত ডুবিছিল৷ বিভিন্নধৰণে যোগাযোগৰ অন্তত পাকিস্তানৰ লান্ধি কাৰাগাৰত বন্দী হৈ থকা বুলি খবৰ লাভ কৰিলেও বিগত এটা বছৰে সীমান্তৰ সৈতে পৰিয়ালৰ হোৱা নাছিল কোনো যোগাযোগ৷ বিগত এটা বছৰে সীমান্তৰ পিতৃ প্রদীপ শইকীয়া, মাতৃ মাখনী শইকীয়া আৰু এবছৰীয়া সন্তানসহ পত্নী পূজা শইকীয়াই পাৰ কৰিছিল অনিশ্চিত সময়৷ কিন্তু সকলো উদ্বিগ্ণতাৰ অন্ত পেলাই নৱবর্ষৰ আৰম্ভণিতে পৰিয়ালটোলৈ আহিছিল সুখবৰ৷ পাকিস্তানৰ কৰাচীৰ লান্ধী কাৰাগাৰৰ পৰা ভাৰতৰ বৈদেশিক মন্ত্রালয় আৰু অন্ধপ্রদেশ চৰকাৰৰ যোগাযোগৰ ভিত্তিত মুকলি হৈ অন্ধ্রপ্রদেশ পাইছিলহি সীমান্ত৷ অন্ধপ্রদেশত থকা ককায়েকৰ ঘৰত জিৰণি লৈ বৃস্পতিবাৰে ৰে’লযোগে সীমান্ত স্বগৃহত উপস্থিত হোৱাৰ লগে লগে ঘৰ আৰু গাঁওখনত এক আৱেগবিহ্বল পৰিৱেশৰ সৃষ্টি হয়৷ নৱগ্রামৰ বহুসংখ্যক লোক, আত্মীয়–স্বজন, দৈয়াং জিলা পৰিষদৰ সদস্য অৰুণ ৰাজবংশী, দৈয়াং পঞ্চায়তৰ সভাপতি বিপুল গগৈ, বিজেপি নেতা জয়ন্ত কুমাৰ গোস্বামী আদি বহুসংখ্যকে ফৰকাটিং ৰে’ল ষ্টেচনত সমৱেত হৈ গামোচাৰে আদৰণি জনাই সীমান্তক ঘৰলৈ লৈ আহে৷ ৰে’লৰ পৰা নামিয়েই গাঁৱৰ ৰাইজৰ উষ্ম আদৰণিত কান্দি উঠে সীমান্ত৷ পিতৃৰ মুখ নেদেখাকৈয়ে এবছৰীয়া হোৱা সন্তান সপোনক পত্নী পূজাই সীমান্তৰ কোলাত দিয়াৰ সময়ত পৰিৱেশটো যথেষ্ট আৱেগিক হৈ পৰিছিল৷ সীমান্তক ঘৰলৈ আদৰিবলৈ সাজু হৈ থকা নৱগ্রামবাসীৰ লগতে মেৰাপানীৰ আশে–পাশে থকা বিভিন্নজনে এই আৱেগিক পৰিৱেশৰ সাক্ষী হৈ ৰয়৷ ইয়াৰ মাজতে সীমান্তই বন্দিত্বৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, জাহাজৰ পৰা নমাই নাৱত উঠাই নিওঁতেই পাকিস্তানী নৌ সেনাই তেওঁক কিছু মাৰপিট কৰিছিল যদিও পাছলৈ কৰা নাছিল, কাৰাগাৰত খোৱা–বোৱা যথেষ্ট কম পৰিমাণে দিয়াৰ উপৰি তেওঁক বিভিন্ন কামত খটুৱাইছিল৷ সোঁশৰীৰে স্বদেশ আৰু স্বগৃহত উপস্থিত হৈ সীমান্তই যথেষ্ট আনন্দ প্রকাশ কৰে৷ উল্লেখ্য যে প্রথমাৱস্থাত সীমান্ত পাকিস্তানত বন্দী হৈ থকা বুলিহে কেৱল জানিব পৰাৰ বিপৰীতে অসম বিধানসভাত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰা প্রশ্ণৰ ভিত্তিত কৰাচীৰ লান্ধী কাৰাগাৰত বন্দী হৈ থকাৰ তথ্য পোহৰলৈ আহিছিল৷ সীমান্তই প্রকাশ কৰা মতে, অসম চৰকাৰে সীমান্তৰ মুক্তিৰ ক্ষেত্রত বিশেষ উদ্যোগ গ্রহণ কৰা নাছিল৷ ইয়াৰ বিপৰীতে অন্ধ্রপ্রদেশ চৰকাৰে মাছমৰীয়াসকলৰ মুক্তিৰ ক্ষেত্রত ব্যৱস্থা গ্রহণেৰে এটা দল পাকিস্তানলৈ প্রেৰণ কৰি সকলোকে সুকলমে ঘূৰাই অনাৰ লগতে বিধানসভাৰ উচ্চ পর্যায়ৰ দলে সাক্ষাৎ কৰি আর্থিক সাহায্য প্রদান কৰা বুলিও সীমান্তৰ পৰা জানিব পৰা গৈছে৷