নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মে’ মাহতে উৎপাদনক্ষম হ’ব নামৰূপ থার্মেলৰ ৰিপ্লেচমেণ্ট প্লাণ্ট

প্রকল্পস্থলী পৰিদর্শন মুখ্যমন্ত্রী সোণোৱালৰ

নিয়মীয়া বার্তা, ১ মেঃ ৰাজ্যৰ শক্তিখণ্ড শক্তিশালীকৰণৰ দিশত এক আশাব্যঞ্জক প্রতিচ্ছবি কঢ়িয়াই এই বছৰৰ মে’ মাহৰ শেষত ১০০ মেগাৱাট শক্তিসম্পন্ন নামৰূপ ৰিপ্লেচমেণ্ট থার্মেল পাৱাৰ প্লাণ্টৰ সেৱা জনসাধাৰণৰ বাবে উৎসর্গিত হ’ব ৷ বৃহস্পতিবাৰে ডিব্রুগড জিলাৰ নামৰূপত প্রকল্পস্থলী পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক এই কথা এপিজিচিএল কর্তৃপক্ষই অৱগত কৰে ৷ এই প্রকল্পৰ সেৱা আৰম্ভ হ’লে নামৰূপ তাপবিদ্যুৎ প্রকল্পৰ উৎপাদন ক্ষমতা ১২৭ মেগাৱাটলৈ বৃদ্ধি হ’ব ৷  নামৰূপ থার্মেল পাৱাৰ ষ্টেচনস্থিত সভাকক্ষত এই ৰিপ্লেচমেণ্ট প্লাণ্টৰ কাম–কাজৰ অগ্রগতিৰ পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে এপিজিচিএল কর্তৃপক্ষক মে’ মাহৰ শেষত নিশ্চিতভাৱে এই প্রকল্প ৰাইজলৈ উৎসর্গিত কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে ৷ এই সম্পর্কত মুখ্যমন্ত্রীয়ে কয় যে এই প্রকল্পৰ আধাৰশিলা প্রায় এটা দশকৰ পূর্বে স্থাপন কৰা হৈছিল যদিও প্রাৰম্ভিক পর্যায়ত ইয়াৰ কাম–কাজ বৰ লেহেম গতিত আগবাঢ়িছিল ৷ মুখ্যমন্ত্রীয়ে এপিজিচিএল কর্তৃপক্ষক প্রকল্পটো ৰাইজলৈ উৎসর্গিত কৰাৰ সময়সীমা কোনো কাৰণতে যাতে ব্যাহত নহয়, তাৰ বাবে প্রকল্পটোৰ ৰূপায়ণৰ দায়িত্বত থকা ভাৰত হেভী ইলেক্ড্রিকেল লিমিটেডক এই সম্পর্কত নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে ৷ এই প্রকল্পটোৰ লেহেম গতিৰ বাবে মুখ্যমন্ত্রীয়ে বিগত বর্ষৰ ২৬ ছেপ্ঢেম্বৰত প্রকল্পস্থলী পৰিদর্শন কৰাৰ সয়মতো ভাৰত হেভী ইলেক্ট্ৰিকেল লিমিটেড কর্তৃপক্ষক প্রকল্পটো সময়সাপেক্ষভাৱে ৰূপায়ণৰ নিশ্চিত পদক্ষেপ লোৱাৰ বাবে আহ্বান জনাইছিল ৷

ঔদ্যোগিক খণ্ডৰ কাম–কাজ কার্যক্ষম তথা ত্বৰান্বিত কৰাৰ বাবে বিদ্যুৎ শক্তি এক অন্যতম চালিকাশক্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে শক্তি প্রকল্পৰ কাম–কাজৰ দ্রুত ৰূপায়ণত বিশেষ অগ্রাধিকাৰ প্রদান কৰাটো প্রয়োজনীয় বুলি কয় ৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ন’ভেল ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা ৰাষ্ট্রজোৰা লকডাউনৰ ফলত ব্যাহত হোৱা আমাৰ অর্থনৈতিক ব্যৱস্থাটোক পুনৰ শক্তিশালীকৰণৰ বাবে ঔদ্যোগিক বিকাশত আমি গুৰুত্ব দিব লাগিব৷ আজিৰ এই প্রকল্পস্থলী পৰিদর্শনৰ সময়ত এপিডিচিএলৰ অধ্যক্ষ বিনোদ কুমাৰ পিপাৰছেনিয়া, পৰিচালন সঞ্চালক কল্যাণী বৰুৱা, বিধায়ক ক্রমে বলীন চেতিয়া, বিমল বৰা, তেৰছ গোৱালা, নৰেন সোণোৱাল আৰু ঋতুপর্ণ বৰুৱা, ডিব্রুগড জিলাৰ উপায়ুক্ত পল্লৱগোপাল ঝা আৰু আৰক্ষী অধীক্ষক টি শ্রীজিথো উপস্থিত থাকে৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে নামৰূপস্থিত অসম পেড্র’কেমিকেল লিমিটেডৰ বর্তমানে নির্মাণৰত ৫০০ টিপিডি শক্তিসম্পন্ন মিথানল আৰু ২০০ টিপিডি শক্তিসম্পন্ন ফর্মেলডিহাইড প্রকল্প পৰিদর্শন কৰি ইয়াৰ কাম–কাজৰ অগ্রগতিৰ বুজ লয়৷ এই সম্পর্কে অসম পেড্র’কেমিকেলছ্ লিমিটেডৰ সভাকক্ষত অনুষ্ঠিত এক পর্যালোচনামূলক বৈঠকত অসম পেড্র’কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল চন্দ্র ডেকাই এই প্রকল্প এই বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰাইজৰ সেৱাৰ বাবে উৎসর্গিত হ’ব বুলি মুখ্যমন্ত্রীক অৱগত কৰে ৷ এই পৰিদর্শনৰ সময়তে মুখ্যমন্ত্রীয়ে অসম পেট্ৰ’কেমিকেলছ্ লিমিটেডৰ সভাকক্ষত ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন লিমিটেডৰ বিষয়াবর্গৰ সৈতে বর্তমানে কার্যক্ষম হৈ থকা ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন লিমিটেডৰ তৃতীয় গোটৰ উৎপাদনৰ কাম–কাজৰ পর্যালোচনা কৰে৷ এই পর্যালোচনামূলক বৈঠকত ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন লিমিটেডৰ বিষয়াবর্গই এই প্রকল্পৰ দ্বিতীয় গোটৰ পুনৰুজ্জীৱিতকৰণ আৰু তৃতীয় গোটৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে কেমিকেল এণ্ড ফার্টিলাইজাৰ মন্ত্রালয়ে প্রয়োজনীয় পদক্ষেপ লৈ আছে বুলিও মুখ্যমন্ত্রীক অৱগত কৰে ৷

You might also like