মৌজাদাৰ সন্থাৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে বৈঠক
ভূমি পৰামর্শ সমিতিত মৌজাদাৰক অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ সদৌ অসম মৌজাদাৰ সন্থাৰ প্রতিনিধি দল এটাই বুধবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰি ভূমি ৰাজহ সংগ্রহ ত্বৰান্বিত কৰাকে ধৰি বিভিন্ন ৰাজহ সম্পর্কীয় বিষয় সম্পর্কত এক বৈঠকত মিলিত হয় ৷
বৈঠকত জিলা আৰু মহকুমা পর্যায়ৰ ভূমি পৰামর্শ সমিতিত মৌজাদাৰসকলক অন্তর্ভুক্ত কৰাৰ বাবে সিদ্ধান্ত লয় ৷ তদুপৰি সংশ্লিষ্ট জিলা আৰু মহকুমাৰ গাঁওবুঢ়া নিয়োগৰ বাবে থকা নির্বাচন সমিতিত মৌজাদাৰসকলক অন্তর্ভুক্ত কৰাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰে ৷
শান্তি সমিতিসমূহতো মৌজাদাৰসকলক অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লয় যাতে মৌজাদাৰসকলে বিভিন্ন সামাজিক ক্ষেত্রত নিজৰ ভূমিকা ল’ব পাৰে৷ লগতে বিভিন্ন ৰাজহ চক্রৰ ভূমি তথ্য অদ্যবধিকৰণ তথা ভূমি ৰাজহ সংগ্রহ ত্বৰান্বিত কৰা আৰু ভূমিৰ শ্রেণীকৰণ ইত্যাদি বিষয়ৰ বিষয়েও বিতংভাৱে বৈঠকত আলোচনা কৰে ৷ এইক্ষেত্রত ৰাজহ চক্র বিষয়া, মৌজাদাৰ, মণ্ডল আদিকে ধৰি সংশ্লিষ্ট সকলোৰে সংহত পদক্ষেপ লোৱাত গুৰুত্ব আৰোপ কৰে ৷
বৈঠকত মুখ্যমন্ত্রীয়ে সঠিক ভূমি তথ্য তথা ভূমি তথ্য সংশোধনী কৰাৰ দিশত ঘৰে ঘৰে গৈ জৰীপ কার্য চলোৱাত গুৰুত্ব দিয়ে ৷ বৈঠকতে ভূমি তথা ভূমি সম্বন্ধীয় বিষয়সমূহৰ ক্ষেত্রত এক ইতিবাচক পৰিৱর্তনৰ সূচনা কৰাৰ বাবেও সিদ্ধান্ত লয় ৷
মুখ্যমন্ত্রী সোণোৱালে সমাজত শান্তি–সম্প্রীতি বজাই ৰখাৰ দিশত মৌজাদাৰসকলক গুৰুত্বপূর্ণ ভূমিকা লোৱাৰ বাবেও আহ্বান জনায় ৷ মৌজাদাৰ সন্থাই এইক্ষেত্রত সকলো প্রকাৰৰ সহায়–সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্রীক অৱগত কৰে ৷