নিয়মীয়া বার্তা, ৬ মে’ : এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি, নাম দ্বিপেন কছাৰী (৩৫) ৷ ৰাণী উন্নয়ন খণ্ডৰ অন্তর্গত কুমাৰবড়ি নিৱাসী কছাৰীয়ে এই এমাহজোৰা লকডাউনতো মনোবল হেৰুৱাই নিদি মৌ আৰু মুর্গী পালনেৰে জীৱন নির্বাহ কৰিবলৈ সক্ষম হৈছে ৷ তিনিখন মৌপালনৰ পৰা বছৰি তেওঁ ১২–১৪ হাজাৰ টকা উপার্জন কৰাৰ বিপৰীতে মুর্গী পালনৰ পৰা মাহিলি ৪–৫ হাজাৰ টকা উপার্জন কৰি পৰিয়াল চলাই গৈছে ৷ ইয়াৰ মাজতে তেওঁ আকৌ ঘৰুৱা অন্যান্য কামৰ উপৰি সামাজিক কামতো অগ্রণী ভূমিকা গ্রহণ কৰি আহিছে ৷ তেওঁ কয় যে ২০০৯ চনত মটৰচাইকেল দুর্ঘটনাত পতিত হৈ প্রায় চাৰিবছৰ ধৰি চিকিৎসাধীন হ’বলগীয়া হৈছিল ৷ বর্তমান ৰাজহাড়ত প্রচণ্ড আঘাত লৈ দিন অতিবাহিত কৰা কছাৰীয়ে এই লকডাউনৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যদিও খবৰ নাই স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ ৷
এনে দুর্যোগৰ সময়তো বিধায়কগৰাকীয়ে অঞ্চলটোৰ ৰাইজৰ বিশেষ খা–খবৰ নোলোৱাত তেওঁ আক্ষেপ প্রকাশ কৰে ৷ উল্লেখ্য যে ২০১৫ চনত অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টে ৰূপায়ণ কৰা সমাজভিত্তিক পুনৰ সংস্থাপন প্রকল্পত দ্বিপেন কছাৰী অন্তর্ভুক্ত হোৱাত তেওঁক সবলীকৰণত সহায় কৰা হয় ৷ লগতে তেওঁক প্রতিবন্ধকতাৰ প্রমাণ–পত্র, বিশেষভাৱে সক্ষম লোকৰ বাবে থকা পেন্সন পোৱাতো সহায় কৰে অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টে ৷ কছাৰীয়ে ২০১৮ চনত গুৱাহাটীৰ লালমাটিস্থিত আই আই ইত মৌ পালনৰ ছদিনীয়া প্রশিক্ষণ গ্রহণ কৰে ৷ কছাৰীয়ে বর্তমান অঞ্চলটোৰ আন আন প্রতিবন্ধী লোকক লগত লৈ এটি প্রতিবন্ধী গোট গঠন কৰি চৰকাৰৰ পৰা সমান সুযোগ আৰু সুবিধা লাভৰ অধিকাৰৰ বাবে কাম কৰি আছে ৷ এইক্ষেত্রত চৰকাৰে পঞ্চায়তৰ সকলো ধৰণৰ আঁচনিত ৫ শতাংশৰ বাবে বিশেষভাৱে সক্ষম লোকৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে যদিও বর্তমানলৈ চৰকাৰে কোনো ব্যৱস্থা নকৰাত তেওঁ আক্ষেপ প্রকাশ কৰে ৷ তেওঁ আৰ পি ডি এক্ট ২০১৬ সফলভাৱে ৰূপায়ণ কৰিবলৈও চৰকাৰক আহ্বান জনায় ৷
এইক্ষেত্রত অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ সমন্বয়ক অপূর্ব শর্মাই আগন্তুক সময়ত কছাৰীৰ জীৱন–জীৱিকাৰ বাবে সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস দিয়ে ৷ প্রশ্ন হয় চৰকাৰে দ্বিপেন কছাৰীৰ দৰে এইসকল লোকৰ বাবে কিবা আঁচনি গ্রহণ কৰিবলৈ সক্ষম হ’বনে ? নে শ্লোগানতে আবদ্ধ হ’ব চৰকাৰৰ সকলো আঁচনিৰ সুবিধা ৷