নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ বৈদ্যবড়িত গোনা ম’হৰ যুঁজ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাচতেই এতিয়া আনুষ্ঠানিকভাৱে নহয় অনানুষ্ঠানিকভাৱে মৰিগাঁৱৰ বৈদ্যবড়িত অনুষ্ঠিত হ’ল গোনা ম’হৰ যুঁজ । পৰম্পৰা ৰক্ষা কৰি বৈদ্যবড়ি আঞ্চলিক ম’হযুঁজ সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় যুঁজ ।

বৈদ্যবড়ি গাঁৱত মুঠ ৭০ হাল ম’হৰ মাজত হ’ব লগা এই যুঁজক লৈ উছাহৰ ধল বৈদ্যবড়িত । বৈদ্যবড়ি অঞ্চলৰ লগতে কাষৰীয়া বহু অঞ্চলৰ পৰা ইতিমধ্যে যুঁজ প্ৰত্যক্ষ কৰাৰ মানসেৰে সমবেত হৈছে অজস্ৰজন । গোৱাল সকলে ইতিমধ্যে যুঁজিবৰ বাবে সাজু কৰি তুলিছে ম’হ ।

উল্লেখ্য যে, পৰম্পৰা অনুসৰি কাতি মাহৰ শেষ ভাগৰ পৰা ম’হৰ শিঙত পোক ধৰে । এই পোকৰ পাচতেই ম’হে শিঙৰ পিৰপিৰণি নোহোৱা কৰিবৰ বাবে য’তে ত’তে খুন্দিয়াই লগতে মানুহক আক্ৰমণৰো লক্ষ্য কৰি লয় । সেয়ে মাঘ মাহৰ পহিলা সপ্তাহত যুঁজিবলৈ দিয়া হয় ম’হক । যুঁজিবলৈ নাপালে ম’হ অধিক উদ্যত হৈ পৰিব পাৰে সেয়ে এই ম’হযুঁজ অনুষ্ঠিত কৰা হয় ।

You might also like