যন্তৰ–মন্তৰত অকলেই অনশনত বহিল ৰূপজ্যোতি কুর্মী
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নতুন দিল্লীৰ যন্তৰ–মন্তৰত বৃহস্পতিবাৰে অকলেই প্রতিবাদ সাব্যস্ত কৰি এক অনশন কার্যসূচী ৰূপায়ণ কৰিলে ৰাজ্যৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷
পুৱাৰ পৰা পালন কৰা সাত ঘণ্টীয়া এই অনশন কার্যসূচীৰ বিভিন্ন সময়ত প্রদেশ কংগ্রেছৰ নেতাসকলেও উপস্থিত থাকি কুৰ্মীক উৎসাহ প্রদান কৰা পৰিলিক্ষিত হয় ৷ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াও বিধায়কজনক নৈতিক তথা দলীয় সমর্থন আগবঢ়োৱাৰ বাবে প্রতিবাদথলীত উপস্থিত হয় ৷
অনশন কার্যসূচী চলি থকাৰ সময়ত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সাংবাদিকৰ আগত কয় যে অসমৰ লগতে এতিয়া সমগ্র দেশত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক গণআন্দোলন গঢ় লৈ উঠিছে ৷ পিছে কেন্দ্রৰ বিজেপি চৰকাৰে এই আন্দোলনক কোনো গুৰুত্ব প্রদান কৰাতো দূৰৰে কথা, আনকি প্রতিবাদকাৰীসকলৰ্ বিৰুদ্ধে দমন নীতি অৱলম্বন কৰিছে ৷ ক’লা আইনখনৰ জৰিয়তে দৰাচলতে আটাইতকৈ ক্ষতিগ্রস্ত হ’ব অসমবাসীহে ৷ অসমত ৰাজ্যৰ একাংশ মন্ত্রী আৰু শাসকীয় বিধায়কসকলে উচটনিমূলক মন্তব্য কৰি অসমত চলি থকা আন্দোলখনক হিংসাত্মক ৰূপ দিয়াৰ চেষ্টা চলাই আছে ৷ এনে মন্ত্রী–বিধায়কৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্রহণৰ দাবী উত্থাপন কৰে বিধায়ক কুৰ্মীয়ে ৷
লক্ষণীয়ভাৱে কেৱল নাগৰিকত্ব সংশোধনী আইন বুলি নহয়, কংগ্রেছ বিধায়কজনে অনশন কার্যসূচীত ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীও উত্থাপন কৰে ৷ লগতে চাহ শ্রমিকসকলৰ নূন্যতম দৈনিক দৰমহা ৩৫০ টকালৈ বৃদ্ধি কৰাৰো দাবী জনায় ৷
লগতে বিধায়ক কুৰ্মীৰ দাবী– অসমৰ বান সমস্যাক ৰাষ্ট্রীয় সমস্যাৰ মর্যাদা প্রদান কৰা হওক, নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা হওক, অসমত উচ্চ সদন গঠন কৰা হওক, উত্তৰ–পূর্বাঞ্চলত বৃহৎ নদীবান্ধৰ নির্মাণকার্য বন্ধ কৰক ৷ অসম চুক্তিৰ সকলো দফা ৰূপায়ণৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত বিধায়ক কুৰ্মীৰ বক্তব্য– অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজত কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰক পৰাভূত কৰাটো এতিয়া কংগ্রেছৰ নৈতিক দায়িত্ব হৈ পৰিছে ৷