যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত যুৱকৰ মৃত্যু
নিয়মীয়া বার্তা, ১৩ জুলাইঃ যোৰহাট মেডিকেল কলেজ হাস্পতালত এজন ৩৫ বছৰীয়া যুৱকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ আশিস চাহেৱালা নামৰ যুৱকজন ক’ৰোনাত আক্রান্ত হৈ আজি বিয়লি মৃত্যু হয়৷
যোৱা ৩ দিন ধৰি জ্বৰ–কাহত ভুগি থকা যুৱকজনৰ শনিবাৰে সন্ধিয়া যোৰহাট মেডিকেল কলেজত ছোৱাব পৰীক্ষা কৰা হৈছে৷ দেওবাৰে পুৱা যুৱকজনে উশাহ–নিশাহত কষ্ট পোৱাত তেওঁক চিকিৎসালয়লৈ নিয়া হয়৷
পৰৱর্তী সময়ত আই চি ইউত ভর্তি কৰোৱা হয় যুৱকজনক৷ কিন্তু হঠাৎ যুৱকজনৰ মৃত্যু ঘটাত শংকাৰ পৰিৱেশ গঢ়ি উঠিছে৷ যুৱকজনৰ ক’ভিড টেষ্টত ফলাফল পজিটিভ হোৱাক লৈও চিন্তাত পৰিছে স্বাস্থ্য বিভাগ৷