নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনঃ মহাসংকটৰ দুৱাৰডলিত অসমৰ কৃষিজীৱী সমাজ

নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে চৰকাৰে গ্রহণ কৰা লকডাউনৰ পৰিপ্রেক্ষিতত নগাঁও জিলাৰ ৰবিশস্যৰ খেতিয়কসকলৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰাৰ দৰে হৈছে ৷ বজাৰৰ অভাৱৰ বাবে কৃষকসকলে উৎপাদিত কৃষিজাত সামগ্রী বিক্রী কৰিব নোৱাৰাৰ বাবে গেলি–পচি নষ্ট হৈছে ৰবিশস্যৰ খেতি ৷ এনে পৰিস্থিতিৰ বাবেই এতিয়া দিশহাৰা হৈ পৰিছে কৃষকসকল ৷ জিলাখনৰ নগাঁও সদৰ ৰাজহ চক্রৰ অন্তর্গত কৃষ্ণাইখাট, ডাকৰঘাট আদি অঞ্চলৰ বহু খেতিয়কৰ বিভিন্ন ধৰণৰ শস্য এতিয়া নষ্ট হৈ পৰিছে৷ অঞ্চলটোৰ বহুকেইগৰাকী খেতিয়কে প্রায় ৫০০ বিঘা মাটিত কেপচিকাম, বেঙেনা, ৰঙালাউ, পাতিলাউ, বিলাহী আদিৰ খেতি কৰিছিল ৷ হাজাৰ হাজাৰ টকা ব্যয়ৰে আৰু কঠোৰ পৰিশ্রমেৰে এই খেতি কৰা কৃষকসকলে উৎপাদিত ফচল বিক্রী কৰিবলৈ প্রস্তুতি চলোৱাৰ সময়তে লকডাউন ঘোষণা কৰে চৰকাৰে ৷ যাৰ বাবে কৃষকসকলে উৎপাদিত ফচল চপাব নোৱাৰাৰ লগতে বজাৰত বিক্রী কৰিবলৈ অসমর্থ হৈছে ৷ এতিয়া শস্যথলিতে কেপচিকাম, ৰঙালাউ, পাতিলাউ, বিলাহী আদি গেলি–পচি গৈছে ৷ যাৰ বাবে এই কৃষকসকল গুৰুতৰ অর্থনৈতিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে৷ একাংশ কৃষকে বেংকৰ পৰা ঋণ লৈ এই খেতি কৰিছিল যদিও এতিয়া ফচল বিক্রী কৰিবলৈ বজাৰ নোহোৱাত কৃষকসকলে চকুৰে সৰিয়হ ফুল দেখিছে ৷

অঞ্চলটোৰ জিতেন বৰা, টিকেন বৰা, পংকজ বৰা, বুদ্ধেন বৰা, বাবা বৰাকে ধৰি বহুকেইজন খেতিয়কে এই খেতিসমূহ কৰিছিল ৷ কৃষক জিতেন বৰাই জানিবলৈ দিয়ে যে ‘মই প্রায় ১২ বিঘা মাটিত উল্লেখিত খেতিসমূহ কৰিছোঁ ৷ খেতিও যথেষ্ট ভাল হৈছিল ৷ এতিয়া এইসমূহ বিক্রী কৰিবলৈ বজাৰ নোপোৱাত আমি দিশহাৰা হৈ পৰিছোঁ ৷’ আন কেইবাগৰাকী খেতিয়কে সাম্প্রতিক অৱস্থাই সৃষ্টি কৰা পৰিস্থিতিত নিজৰ দুর্দশা বর্ণনা কৰি সংবাদদাতাক কয়, ‘আমি বেংকৰ ঋণ লৈ খেতি কৰিছোঁ, এতিয়া ক’ৰোনাক কেন্দ্র কৰি যি অৱস্থাৰ সৃষ্টি হৈছে সেই অৱস্থাৰ বাবে আমাৰ নিচিনা খেতিয়কসকলৰ জীৱনলৈ ঘোৰ আমানিশা নামি আহিছে ৷ আমি নিজৰ মূলধন নথকাত ঋণত ধন লৈ এই খেতি কৰিছিলোঁ ৷ এতিয়া মূলধন ঘূৰাই দিয়াটো দূৰৰে কথা সুতৰ ধনো দিব পৰা অৱস্থাত নাই৷ আমাৰ খেতিত হোৱা এই পৰিস্থিতিৰ বুজ ল’বলৈ জিলা কৃষি বিভাগলৈ কোনো বিষয়া–কর্মচাৰী আজিলৈকে অহা নাই৷ আনকি কৃষি বিভাগৰ স্থানীয় গ্রামসেৱকজনৰো দেখাদেখি নাই৷ উল্লেখ্য যে এই অঞ্চলৰ এই কৃষকসকলে ৫০০ বিঘা মাটিত শাক–পাচলিৰ খেতি কৰি লাখ লাখ টকাৰ শাক–পাচলি উৎপাদন কৰিছিল৷ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ বাবে কৃষকসকলৰ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

You might also like