নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনতে ৰহা–বিজনী টোলগেট মুকলি

নিয়মীয়া বার্তা, ২১ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে দেশজুৰি বলৱৎ হৈ আছে কঠোৰ লকডাউন ৷ কেৱল অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত যান–বাহনসমূহৰ চলাচল অব্যাহত আছে ৷ এনে এক জৰুৰীকালীন সময়ত দেওবাৰে নিশা ১২ বজাৰ পৰা পুনৰ মুকলি কৰি দিয়া হয় নগাঁও জিলাৰ ৰহা আৰু চিৰাং জিলাৰ বিজনীত ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত থকা টোলগেট  দুটা ৷ অত্যাৱশ্যকীয় সেৱা আৰু জৰুৰীকালীন বাহনৰ পৰা বর্তমানৰ সংকটৰ সময়ছোৱাত টোল টেক্স সংগ্রহ কৰিবলৈ লোৱা কার্যই ৰাজ্যবাসীক হতবাক কৰি তুলিছে ৷ উল্লেখ্য যে ৰহাৰ টোলগেটক লৈ প্রথমাৱস্থাৰ পৰাই বিতর্ক অব্যাহত আছে ৷ ৰাজ্যৰ জাতীয় দল–সংগঠনসমূহ তীব্র প্রতিবাদৰ বাবে দীর্ঘদিন ধৰি টোলেগেট বন্ধ হৈ আছিল ৷ কিন্তু শেহতীয়াকৈ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ৰ সিদ্ধান্তমর্মে ৰহাৰ টোলগেটটো মুকলি কৰি দিয়া হৈছিল ৷ হৰেন মহন্ত নামৰ এজন ব্যৱসায়ীয়ে এম বি কনছটিয়ামৰ নামত ৰহাৰ টোল টেক্স সংগ্রহৰ দায়িত্ব লাভ কৰে ৷ কিন্তু এই টোলগেটত সংগ্রহ কৰা উচ্চ হাৰৰ কৰক লৈ সর্বসাধাৰণ ৰাইজে প্রথমাৱস্থাৰ পৰাই অসন্তুষ্টি ব্যক্ত কৰি আহিছে৷ আনকি চৰকাৰে আশা কৰাতকৈও অধিক নিৰিখত নিবিদা দাখিল কৰি হৰেন মহন্তই ৰহা টোলগেটৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছিল৷ যাৰ বাবে তেওঁ আৰম্ভণিৰে পৰা উচ্চ নিৰিখৰ কৰেৰে জনসাধাৰণক মাধমাৰ দিবলৈ ল’লে৷ কিন্তু ক’ৰোনা ভাইৰাছে দেশজুৰি মহামাৰীৰ ৰূপ লোৱাৰ পৰিপ্রেক্ষিতত সাময়িকভাৱে ৰহাৰ লগতে অন্যান্য টোলগেটসমূহ বন্ধ ৰখা হৈছিল৷ এতিয়া কেৱল অত্যাৱশ্যকীয় সেৱা আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ পৰা টোল টেক্স সংগ্রহ কৰাৰ স্বার্থত টোলগেট মুকলি কৰা কার্যক সহজভাৱে ল’ব পৰা নাই সংগঠনসমূহে৷ এই মানৱীয় সংকটৰ মুহূর্তত টোল টেক্স সংগ্রহ কৰা কার্য বন্ধ ৰখাৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ এই হঠকাৰী কার্যৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ হুংকাৰ দিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷

You might also like