নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ক’ৰোনা ভাইৰাছ আৰু লকডাউনে সমগ্র বিশ্বৰ লগতে ভাৰত তথা অসমলৈও অর্থনৈতিক স্থবিৰতা কঢ়িয়াই অনাৰ ফলত কার্যতঃ দিকভ্রান্ত হৈছে ব্যৱসায়ীসকল৷ এই জটিল পৰিস্থিতিৰ মাজত এইপর্যন্ত কেইবাজনো ব্যৱসায়ীয়ে আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হোৱাৰ ঘটনা ঘটিছে ভিন্ন প্রান্তত৷ অনুৰূপ এক ঘটনাই জোকাৰি গৈছে ৰাজ্যৰ অন্যতম বাণিজ্যিক প্রাণকেন্দ্র ফাঁচীবজাৰক৷
ফাঁচীবজাৰৰ এম এছ ৰোডৰ নিজা ঘৰৰ দ্বিতীয় মহলাত দিনৰ প্রায় ১০.৩০ বজাত গামোচাৰে চিপ লৈ অমিত জালান নামৰ এজন ব্যৱসায়ীয়ে আত্মহত্যা কৰে৷ আলু–পিঁয়াজৰ ব্যৱসায় কৰা অমিত জালানে লকডাউন আৰু ক’ৰোনা পৰিস্থিতিৰ বাবে যোৱা সময়ছোৱাত তীব্র লোকচানৰ সন্মুখীন হৈছিল৷ আর্থিক সংকটৰ সন্মুখীন হোৱা ব্যৱসায়ীজনে হতাশাত ভুগি থকাৰ পাছত আত্মহত্যা কৰে৷ লকডাউনত ব্যৱসায়িক মন্দাৰ বাবে এজন প্রতিষ্ঠিত ব্যৱসায়ীয়ে আত্মহত্যা কৰা এয়া হ’ল ৰাজ্যৰ প্রথমটো ঘটনা৷