নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ বঙাইগাঁও জিলাত বিভাগীয় কাম–কাজৰ বিষয়ে বুজ লোৱাৰ বাবে বুধবাৰে কৃষি আৰু পশুপালন মন্ত্রী অতুল বৰাই জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত জিলা প্রশাসনৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক লৈ এখন সভাত মিলিত হয় ৷ সভাৰ আৰম্ভণিতে বঙাইগাঁও জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়াই লকডাউন কার্যসূচীৰ সময়ছোৱাত সংশ্লিষ্ট বিভাগসমূহে অৱলম্বন কৰা কার্যৰ প্রতিবেদনসমূহমন্ অৱগত কৰে৷ বঙাইগাঁও জিলাৰ পৰা আন জিলালৈ ৰপ্তানি আৰু আমদানি কৰা শাক–পাচলি, ফল–মূল আদিৰ প্রতিবেদনো অৱগত কৰে তেঁও৷ ইয়াৰ পিছত সকলো প্রতিবেদন জ্ঞাত হৈ মন্ত্রীগৰাকীয়ে কয় যে এইবাৰ ৰাজ্যখনে বিগত বছৰৰ তুলনাত ৰবিশস্য অভিলেখ পৰিমাণত উৎপাদন কৰিবলৈ সক্ষম হৈছিল যদিও লকডাউনৰ ফলত এখন জিলাৰ পাচলি আন এখন জিলালৈ নিব নোৱাৰা পৰিস্থিতিৰ লগতে পাচলি সৰবৰাহত দেখা দিয়া কিছু স্থানীয় সমস্যাৰ বাবে পাচলি খেতিয়কসকল লোকচানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি মন্ত্রী বৰাই কয় যে ৰাজ্যৰ আন আন জিলাসমূহৰ তুলনা বঙাইগাঁও জিলাত ক্ষয়–ক্ষতিৰ পৰিমাণ বহুত কম৷ মন্ত্রী বৰাই বিভাগীয় বিষয়া–কর্মচাৰীক কৃষক ৰাইজৰ সহায়ক হোৱাকৈ কাম–কাজ আগুৱাই নিবলৈ আহ্বান জনায়৷ বৈঠকৰ অন্তত মন্ত্রী বৰাই সংবাদ মাধ্যমৰ আগত কয় যে বঙাইগাঁও জিলাত তলাবন্ধৰ মাজতে কৃষকসকলে কৃষিজাত সামগ্রী বিক্রী কৰি প্রায় এক কৌটি টকা লাভ কৰিবলৈ সক্ষম হৈছে৷ এয়া নিশ্চয় এখন ৰাজ্যখনৰ বাবেই ইতিবাচক খবৰ৷ বঙাইগাঁও জিলাত তলাবন্ধৰ ফলত আন জিলাৰ তুলনাত ক্ষয়–ক্ষতিৰ পৰিমাণ কম৷ আগন্তুক দিনত জিলাখনৰ কৃষক ৰাইজৰ মাজত পাৱাৰটিলাৰ, ট্ৰেক্টৰ, এছটিডব্লিউ আদি হিতাধিকাৰীসকল বাছনি কৰি বিতৰণকৰ ব্যৱস্থা কৰা বুলি তেওঁ জানিবলৈ দিয়ে৷ কৃষকসকলে তলাবন্ধৰ সময়ত ক্ষতিৰ পৰিমাণৰ হিচাপ নির্ধাৰণ কৰি সাহায্য প্রদানৰ পৰিকল্পনা কৰা বুলি মন্ত্রীজনে অৱগত কৰে৷ সভাত স্থানীয় বিধায়ক তথা খাদ্য আৰু অসামৰিক যোগান মন্ত্রী ফণীভূষণ চৌধুৰীৰ লগতে জিলাখনৰ সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷