নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ বিশ্বক মৃত্যু উপত্যকালৈ পৰ্যবসিত কৰা ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধকল্পে বলৱৎ হৈ থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত সংকটৰ সন্মুখীন হৈছে ১৯৭ বছৰীয়া অসমৰ চাহ উদ্যোগ । উৎপাদন আৰু ৰাজহ সংগ্ৰহ, দুয়োটাতে চাহ উদ্যোগে ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে । এই সন্দৰ্ভত টী বৰ্ড অৱ ইণ্ডিয়াৰ তথ্যৰ আধাৰত নৰ্থ ইষ্টাৰ্ন টী এছ’চিয়েচনে চলোৱা শেহতীয়া এক অধ্যয়নত উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ।
সংগঠনটোৰ উপদেষ্টা বিদ্যানন্দ বৰকটকীয়ে সদৰী কৰা অনুসৰি লকডাউনৰ বাবে এইবাৰ অসমৰ চাহ উদ্যোগত উৎপাদন প্রায় ৮০ মিলিয়ন কিলোগ্রাম হ্রাস পাব৷ বিগত ২০১৯ বর্ষত অসমসহ উত্তৰ ভাৰতত প্রতি কিলোগ্রাম চাহপাতৰ বার্ষিক গড় নিলাম মূল্য আছিল ১৫২.২৬ টকা৷ সেই হিচাপত লকডাউনৰ সময়ছোৱাত অসমৰ চাহ উদ্যোগে মুঠ ১,২১৮ কোটি টকা (৮০ মিলিয়ন কিলোগ্রামx ১৫২.২৬) ৰাজহ হেৰুৱাব৷ উল্লেখ্য যে অসমৰ চাহ খেতি সম্পূর্ণভাৱে প্রকৃতিৰ ওপৰত নির্ভৰশীল৷ সাধাৰণতে ৰাজ্যত প্রতি বছৰে চাহ উৎপাদনৰ ‘নতুন ছিজন’ মার্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হয় ৷
ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ আৰু সমগ্র দেশতে লকডাউন বলৱৎ হোৱাৰ পৰিপ্রেক্ষিতত যোৱা ২২ মার্চৰ পৰা ৰাজ্যৰ চাহ বাগিচাসমূহ বন্ধ হৈ আছিল৷ সেয়েহে কেৱল মার্চ মাহতে প্রায় ৩০ মিলিয়ন কিলোগ্রাম চাহপাতৰ উৎপাদন হ্রাস পোৱাৰ ধাৰণা কৰা হৈছে৷ দীর্ঘদিনীয়া লকডাউনৰ কাৰণে চাহগছসমূহৰ ৩৫ শতাংশ পাত প্রয়োজনতকৈ অধিক পূৰঠ হোৱাত ছিঙি পেলাব লাগিব৷ ইয়াৰ কাৰণে অধিক সময়ৰ প্রয়োজন হোৱাৰ লগতে ছিঙাৰ উপযুক্ত নতুন পাত ওলাবলৈ কমেও দুইৰ পৰা তিনি সপ্তাহৰ প্রয়োজন হয় ৷ প্রধানতঃ পূৰঠ পাত ছিঙিবলগীয়া হোৱাত এপ্রিল আৰু মে’ মাহতো চাহৰ উৎপাদন হ্রাস হ’ব ৷ কেৱল এপ্রিল মাহতে ইয়াৰ পৰিমাণ ৩০ মিলিয়ন কিলোগ্রাম হ’ব বুলি ‘নর্থ ইষ্টার্ন টী এছ’চিয়েচন’–এ ধাৰণা কৰিছে ৷
সেইদৰে পৰৱর্তী মে’ মাহত চাহৰ উৎপাদন হ্রাস পাব ২০ মিলিয়ন কিলোগ্রাম৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ গাইডলাইন অনুসৰি ক’ভিড–১৯ৰ সুৰক্ষামূলক ব্যৱস্থা অৱলম্বনেৰে চাহ বাগিচাসমূহক কাম–কাজ চলাই নিয়াৰ অনুমতি প্রদান কৰিছে জিলা দণ্ডাধীশসকলে৷ সেই হিচাপত এইবাৰ ৰাজ্যত চাহ উৎপাদন আজিৰে পৰা আৰম্ভ হোৱাৰ আশা প্রকাশ কৰা হৈছে৷ কিন্তু অসমৰ চাহ উদ্যোগটোৱে যে ক’ভিড–১৯ৰ প্রকোপত এইবাৰ বৃহৎ লোকচানৰ সন্মুখীন হ’ব সেইটো নিশ্চিত৷ এনে অৱস্থাত ৰাজহ লোকচানৰ বিষয়টোত গুৰুত্ব দি এইক্ষেত্রত যথোপযুক্ত পদক্ষেপ গ্রহণ কৰাৰ বাবে ‘নর্থ–ইষ্টার্ন টী এছ’চিয়েচন’–এ চৰকাৰক দাবী জনাইছে ৷