নিয়মীয়া বার্তা, ১০ মে’ : ৰাজ্যজুৰি ক’ৰোনা ভাইৰাছৰ পৰিপ্রেক্ষিতত দেশত লকডাউন অব্যাহত থকাৰ সময়তে শনিবাৰে বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত এটা গঁড় হত্যাৰ ঘটনা সংঘটিত হয় ৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ দুআমাৰী বিলৰ পাৰত উক্ত গঁড় হত্যাৰ ঘটনা সংঘটিত হয় ৷ প্রাপ্ত তথ্য অনুসৰি লকডাউনৰ সুবিধা গ্রহণ কৰি দুই–তিনি দিনৰ পূর্বে চোৰাং চিকাৰীৰ এটা দলে ৰাষ্ট্রীয় উদ্যানখনত প্রৱেশ কৰি অতি নির্মমভাৱে এটা অসম গৌৰৱ এশিঙীয়া গঁড়ক হত্যা কৰি খড়গ কাটি উধাও হয় ৷ ৰাষ্ট্রীয় উদ্যানখনৰ অন্তর্ভাগত প্রৱেশ কৰি চোৰাং চিকাৰীয়ে এ কে–৪৭ ৰাইফলেৰে ৮ জাঁই গুলী কৰি অসম গৌৰৱ এশিঙীয়াক থকা–সৰকা কৰি খড়গ কাটি নিবলৈ সক্ষম হয়৷ কিন্তু সেই বিষয়ে কোনো গমকে নাপালে বন বিভাগটোৱে ৷
ৰাষ্ট্রীয় উদ্যানখনত বনকর্মীৰ দলে গিজগিজাই থকাৰ পাছতো চোৰাং চিকাৰী প্রৱেশ কৰি গঁড় হত্যা কৰি খড়গ কাটি উধাও হোৱাৰ পাছতো বন বিভাগৰ লোকে গম নোপোৱাটোও ৰহস্যজনক৷ পৰৱর্তী সময়ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ এ কে–৪৭ ৰাইফলৰ আঠ জাঁই খালী কার্টিজ উদ্ধাৰ কৰে ৷ আনহাতে ৰাজ্যজুৰি ত্রাস সৃষ্টি কৰা আফ্রিকান ছোৱাইন ফিভাৰৰ সন্দর্ভত শনিবাৰে স্থানীয় বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰাই কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ পৰিদর্শন কৰে ৷ উক্ত পৰিদর্শন কালত বন বিভাগৰ লোকেও কৃষিমন্ত্রীগৰাকীৰ সৈতে সংগ দিয়ে যদিও ৰাষ্ট্রীয় উদ্যানখনত চোৰাং চিকাৰীয়ে সংঘটিত কৰা এই গঁড় হত্যাৰ ঘটনাৰ বিষয়ে মন্ত্রীগৰাকীক অৱগতই নকৰিলে ৷ মন কৰিবলগীয়া এয়ে যে ২০২০ বর্ষৰ এইটো প্রথমটো গঁড় হত্যাৰ ঘটনা বুলি জানিবলৈ দিয়ে বন বিভাগে ৷ ইয়াৰ পূর্বে ২০১৯ চনৰ ১ এপ্রিলত গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল ৰাষ্ট্রীয় উদ্যানখনত ৷