নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন অসমৰ কৃষি ক্ষেত্রত লোকচান ৪০ কোটি টকা

বোকাখাতত কৃষিমন্ত্রী বৰাৰ সংবাদ মেল

নিয়মীয়া বাৰ্তা ২ মেঃ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘জীৱন আৰু জীৱিকা’ নীতিৰ আধাৰত কার্যতঃ ৰাজ্যখনৰ কৃষিখণ্ডটোক আগবঢ়াই নিয়াটো ৰাজ্য চৰকাৰৰো নীতি বুলি শুকুৰবাৰে বোকাখাতৰ মহকুমাধিপতিৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত কৃষি আৰু পশুপালন মন্ত্রী অতুল বৰাই উল্লেখ কৰে৷ সম্প্রতি দেশজুৰি হোৱা লকডাউনৰ বাবে ৰাজ্যৰ লগতে গোলাঘাট জিলাতো কৃষকে সন্মুখীন হোৱা ভীষণ প্রত্যাহ্বান সন্দর্ভত অনুষ্ঠিত সংবাদ মেলখনত মন্ত্রীগৰাকীয়ে এই সন্দর্ভত বহু তথ্য দাঙি ধৰে৷ ইতিমধ্যে ৰাজ্যখনৰ লকডাউন অসমৰ কৃষি ক্ষেত্রত লোকচান ৪০ কোটি টকাভিতৰতে গোলাঘাট জিলাই সর্বাধিক ক’ৰোনা আক্রান্ত ৰোগী বহন কৰিবলগীয়া হোৱাত গোলাঘাট জিলাৰ পাচলি আন কোনো জিলাত গ্রহণ নকৰা বিষয়টোৱে জিলাখনৰ কৃষকসকলক বিমোৰত পেলোৱাৰ কথা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে জনায় যে লকডাউনৰ বাবে কৃষকৰ ক্ষতি নোহোৱাকৈ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিছে বর্তমান চৰকাৰখনে৷ ক’ৰোনাতংকৰ ক্ষতিপূৰণ হিচাপে ২৫ কোটি ২৮ লাখ টকা খৰচ কৰা হৈছে গোলাঘাট জিলাৰ কৃষিখণ্ডত৷ কৃষকৰ সুবিধা হোৱাকৈ হোম ডেলিভাৰীৰ জৰিয়তে ফচল বিক্রীৰ ব্যৱস্থা কৰা হৈছে তথা এই ব্যৱস্থা প্রশাসনে পৰৱর্তী সময়তো জাৰি ৰখাৰ পক্ষপাতী বুলি মন্ত্রী বৰাই উল্লেখ কৰে৷ মন্ত্রীগৰাকীয়ে আৰু জনায় যে লকডাউনৰ ফলত ৪০ কোটি টকা ৰাজ্যখনৰ কৃষিখণ্ডত লোকচান হৈছে৷ সাধাৰণতে ১১৩ কোটি টকাৰ কৃষিজাত ফচল ৰাজ্যত বিক্রী হয়৷ আনহাতে, ২০০ কোটি অৰুণাচল, উত্তৰ প্রদেশ, নাগালেণ্ড, ত্রিপুৰা, মিজোৰাম আদি বহিঃৰাজ্যত বিক্রী হয়৷

সৌভাগ্যজনকভাৱে এই বর্ষত পূর্বতকৈ কৃষিজাত ফচলৰ দুগুণ উৎপাদন হৈছিল ৰাজ্যখনত৷ কিন্তু লকডাউনৰ বাবে ধাবা তথা হোটেলসমূহ সম্পূর্ণকৈ বন্ধ হৈ যোৱাত সামগ্রিকভাৱে কৃষিজাত ফচলৰ চাহিদা কমি আহিল আৰু ইয়ে ৰাজ্যখনৰ কৃষি অর্থনীতিত যথেষ্ট প্রভাৱ পেলালে৷ জিলাখনৰ বহু কৃষকৰ উৎপাদিত পাচলি বজাৰৰ অভাৱত নষ্ট হৈ যোৱা সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে কিছু বিলাহীজাতীয় পাচলি স্বাভাৱিক প্রক্রিয়াতে সোনকালে বেয়া হৈ যায়৷ কিন্তু তাৰ বিপৰীতে ৰঙালাওজাতীয় পাচলি সৰহ দিন কম যত্নতে ভঁৰালত ৰাখিব পৰা যায়৷ সেয়েহে কৃষকৰ এনে সমস্যা দূৰ কৰিবলৈ চৰকাৰে অত্যাধুনিক শীতলীকৰণ ভঁৰাল তৈয়াৰ কৰিব লাগিব বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে এনে ভঁৰাল চলাবলৈ অত্যধিক বিজুলীৰ প্রয়োজন হোৱাৰ অসুবিধা৷ এনে ক্ষেত্রত ৰাজ্যৰ কৃষি বিজ্ঞানী আৰু অর্থনীতিবিদসকলৰ সৈতে আলোচনা কৰি ৰাজ্য চৰকাৰে হ্রস্ব আৰু দীর্ঘম্যাদী দুয়োবিধ আঁচনি গ্রহণ কৰিছে৷ এনে আঁচনিৰ জৰিয়তে ৰাজ্যৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰি ৰখাত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলিও মন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত প্রকাশ কৰে৷ কিটচেন গার্ডেন নির্মাণতো গুৰুত্ব আৰোপ কৰে মন্ত্রীগৰাকীয়ে৷ মন্ত্রীগৰাকীয়ে লগতে কয় যে বহিঃৰাজ্যৰ বিভিন্ন খণ্ডত নিয়োজিত অসমৰ যুৱক–যুৱতীৰ সর্বমুঠ প্রায় চাৰিশ কোটি টকা আয়ৰ এক অংশ ৰাজ্যখনলৈকো আহিছিল৷ কিন্তু বর্তমান লকডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি অহা যুৱক–যুৱতীৰ শ্রমহীনতাই গভীৰ প্রভাৱ পেলাব অসমৰ গ্রাম্য অর্থনীতিত৷ সেয়েহে ‘মই খেতিয়কৰে সন্তান৷ গতিকে প্রত্যেক বছৰে পথাৰলৈ গৈ ভাল পাওঁ’ বুলি কৃষিৰ প্রতি নিজৰ আৱেগগধুৰ অনুভৱ প্রকাশেৰে তেওঁ এনে যুৱক–যুৱতীক বাণিজ্যিক ভিত্তিত কৃষি তথা পশুপালনত আত্মনিয়োগ কৰাত আগ্রহী হ’বলৈ মন্ত্রী অতুল বৰাই নতুন প্রজন্মলৈ আহ্বান জনায়৷ তদুপৰি অন্যান্য কৃষি সঁজুলিৰ লগতে ১৭ হাজাৰতকৈ অধিক পাৱাৰটিলাৰো ৰাজ্যৰ কৃষকলৈ যোগান ধৰাৰ কথা প্রকাশ কৰি কৃষকক পাঁচ হাজাৰকৈ ধন এইখন চৰকাৰৰ দিনতে দিয়া হৈছে বুলিও সদৰী কৰে মন্ত্রীগৰাকীয়ে৷ অসমৰ পৰম্পৰাগত পশুধন পালনক বাণিজ্যিকীকৰণ কৰা বহুসংখ্যক যুৱক–যুৱতীক লকডাউনে যথেষ্ট লোকচানৰ সন্মুখীন কৰিলে বুলিও খেদ প্রকাশ কৰে৷ এইক্ষেত্রত অসম চৰকাৰে বিশেষ আঁচনিৰ পৰিকল্পনা কৰিছে যদিও কেন্দ্রীয় চৰকাৰৰ গাইড লাইনলৈ অপেক্ষা কৰি আছে৷ সম্ভাৱনাময় পৰম্পৰাগত পশু খেতি, গাখীৰ–কণীকে ধৰি পশুৰ পৰা হোৱা ঘৰুৱা উৎপাদনক বৃত্তিমুখী কৰাত গুৰুত্ব আৰোপ কৰি মন্ত্রী অতুল বৰাই কয় যে মধ্যভোগীয়ে কৃষকক ৰামটাঙোন শোধাব নোৱাৰাৰ ব্যৱস্থা কৰাৰ বাবে নতুন আঁচনিৰ জৰিয়তে পদক্ষেপ লৈছে চৰকাৰখনে৷ এই উদ্দেশ্যে জিলাখনত পাঁচশটা বিক্রী গোট গঠন কৰি মধ্যভোগীৰ পৰা কৃষকক সকাহ দিয়াৰো ব্যৱস্থা কৰিছে৷ আনহাতে,

 

সংবাদ মেলতে সংক্রামক জ্বৰত সমগ্র ৰাজ্যৰ লগতে জিলাখনত বহু গাহৰিৰ মৃত্যু সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মন্ত্রী বৰাই কয় যে বর্তমান ৰাজ্যখনত দেখা দিয়া পশুধন গাহৰিৰ এই সংক্রামক জ্বৰৰ লক্ষণ সুকীয়া৷ এই জ্বৰত দেখা যায় আফ্রিকান ছোৱাইন জ্বৰৰ লক্ষণ৷ ইতিমধ্যে শিৱসাগৰ জিলাত ১,২৪০টা গাহৰিৰ আৰু ৰাজ্যখনত মুঠ ২২,০৮২টা গাহৰিৰ মৃত্যু ঘটিছে বুলি জানিবলৈ দি তেওঁ কয় যে ১৯২১ চনত আফ্রিকাৰ গাহৰিৰ গাত দেখা দিয়া এই জ্বৰৰ কম্বোদিয়া, তিব্বত, চীন আদি দেশ পর্যন্ত সংক্রমণ ঘটিছিল৷ বর্তমান জ্বৰ সংক্রমিত গাহৰিৰ নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ ভিত্তিতে চিকিৎসাৰো ব্যৱস্থা কৰা হৈছে৷ গাহৰিৰ সংক্রমণ জ্বৰৰ বিষয়ে মন্ত্রীগৰাকীয়ে সাংবাদিকক জনায় যে এই জ্বৰ মানুহৰ গালৈ সংক্রমিত নহয়৷ কিন্তু মানুহৰ স্পর্শৰ জৰিয়তে এই সংক্রমণ জীৱবিধলৈ ঘটে৷ সেইসূত্রে ইখন ফার্মৰ পৰা আনখন ফার্মলৈ খাদ্য অনা–নিয়াত বাধা আৰোপ কৰিছে চৰকাৰে৷ উল্লেখ্য যে এই জ্বৰত অৱশ্যে মুক্ত গাহৰিৰহে মৃত্যু ঘটিছে বুলি কৈ মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে ফার্মৰ গাহৰিৰ দেহত এই জ্বৰৰ সংক্রমণ নাই৷ চিন্তনীয় বিষয় যে ৫০০তকৈ অধিক বনৰীয়া গাহৰি কাজিৰঙাত আছে৷ সেয়েহে এই ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে উচিত ব্যৱস্থা গ্রহণ কৰিবলৈ কাজিৰঙা কর্তৃপক্ষলৈ অনুৰোধ জনাইছে চৰকাৰে৷ ঘৰুৱা গাহৰিক প্রতিষেধক বেজী দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিকক জানিবলৈ দিছে মন্ত্রী বৰাই৷ লগতে এইক্ষেত্রত প্রতিজন পশু চিকিৎসকক সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়৷ ক’ৰোনা প্রতিৰোধৰ বাবে সামাজিক আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখিবলৈকো আহ্বান জনায় মন্ত্রীগৰাকীয়ে৷ সংবাদ মেলৰ শেষত সাংবাদিকসকলৰ মাজত ছেনিটাইজাৰ বিতৰণ কৰে মন্ত্রী অতুল বৰাই৷ সংবাদ মেলত লগতে উপস্থিত থাকে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত খনীন দাস, বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম আৰু তথ্য, জনসংযোগ বিষয়া মামন বৰকটকী৷

You might also like