নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ৰাজ্যত লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শুকুৰবাৰে গোৱালপাৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে কয় – সামাজিক দূৰত্বই হ’ল ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ প্ৰধান উপায় । কিয়নো ক’ভিড-১৯ ৰ কোনো ঔষধ নাই । গতিকে লকডাউন বাঢ়িব নে কি হ’ব , আপোনালোকে অনুমান কৰি লওক । উল্লেখ্য় যে গোৱালপাৰা জিলাত তিনিজন ক’ৰোনা আক্ৰান্ত লোক চিনাক্ত হৈছে । ৬০ জন লোক চিকিৎসালয়ত আৰু ২,৫৮১ গৰাকী লোক হোম কোৱাৰেণ্টাইন হৈ আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ মুৰব্বী বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় । এখন সংবাদমেলত তেওঁ কয় যে, আজি বিশ্বজুৰি ক’ৰোনা ভাইৰাছে আতংক সৃষ্টি কৰিছে । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন ঘোষণা কৰি সকলোকে ঘৰতে আবদ্ধ হৈ থকাৰ আহ্বান জনাইছে । লকডাউনৰ সময়ছোৱাত সকলোৱে ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ বাবে তেওঁ সকলোকে ধন্যবাদ জনায় । আনহাতে, লকডাউন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে । লকডাউনৰ সময়ছোৱাত ৩ কোটি ৩০ লাখ জনসাধাৰণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় – চিকিৎসক , নাৰ্ছ, আশাকৰ্মী, এম্বুলেঞ্চ আদি সকলোৱে পৰিশ্ৰম কৰিছে । স্বাস্থ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা, যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী সহ সকলোৱে কাম কৰিছে । ৰাজ্যৰ সাংবাদিকসকলেও প্ৰথমৰ পৰাই নিষ্ঠাৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে অৰিহণা আগবঢ়াইছে । অৱশ্যে লকডাউনৰ মাজতে বহু লোকৰ অসুবিধাৰ সৃষ্টি হৈছে । ইয়াৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নিষ্ঠাৰে ৰাইজৰ বাবে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে ।