নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন বৃদ্ধিৰ বিৰোধিতা কংগ্রেছৰ

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ ক’ভিড–১৯ৰ ক্রমবর্ধমান সংক্রমণ ৰোধৰ বাবে গুৱাহাটী মহানগৰীত পুনৰ লকডাউন বৃদ্ধিৰ বিৰোধিতা কৰিছে বিৰোধী দল কংগ্রেছে৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কালি এক ভিডিঅ’ বার্তাত গুৱাহাটী মহানগৰী বা আন ঠাইত ক’ৰোনাৰ সংক্রমণ নিয়ন্ত্রণৰ বাবে লকডাউন দিলে অসমৰ বাবে সেয়া আত্মঘাতী সিদ্ধান্ত হ’ব বুলি মন্তব্য কৰে৷ গগৈৰ মতে, গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্রান্তত ক’ৰোনা নিয়ন্ত্রণৰ ক্ষেত্রত লকডাউনেই একমাত্র সমস্যা সমাধানৰ পথ নহয়৷

 মাস্ক পৰিধান কৰা, সামাদিক দূৰত্ব মানি চলা, বাৰে বাৰে হাত ধোৱা, ছেনিটাইজ কৰা আদি ব্যৱস্থাৰেহে ক’ৰোনাক নিয়ন্ত্রণ কৰিব লাগিব৷ আৰক্ষী আৰু ৰাইজৰ সন্মিলিত প্রচেষ্টাৰে এনেধৰণে ক’ৰোনা নিয়ন্ত্রণত অসম চৰকাৰ ব্যর্থ হৈছে৷ এতিয়া ক’ৰোনা নিয়ন্ত্রণৰ বাবে পুনৰ লকডাউন দিলে সমস্যা সমধানতো বাদেই, আন নতুন কেতবোৰ সমস্যাৰহে উদ্ভৱ হ’ব৷ ক’ৰোনাৰ বাহিৰে আন বেমাৰত আক্রান্ত হৈ থকা ৰোগী, মূল্যবৃদ্ধি, দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোক, দৰিদ্রতা নির্মূল আদি বিষয়বোৰ গুৰুতৰ সমস্যা হিচাপে দেখা দিব৷ সেয়ে প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে গুৱাহাটীকে ধৰি ৰাজ্যখনৰ কোনো স্থানতে পুনৰ লকডাউন বৃদ্ধি নকৰিবলৈ চৰকাৰক আহ্বান জনায়৷ ইয়াৰ পৰিৱর্তে ক’ৰোনা ৰোধৰ ক্ষেত্রত পালন কৰিবলগীয়া নীতি–নিয়মসমূহ কঠোৰভাৱে পালনৰ ব্যৱস্থা কৰিবলৈহে চৰকাৰক দাবী জনায়৷

উল্লেখ্য যে ক’ৰোনাৰ সামাজিক সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত কামৰূপ (মেট্র’) জিলাত বলৱৎ কৰা ১৪ দিনীয়া লকডাউনৰ কাইলৈ অন্ত পৰিব৷ কিন্তু কালি গুৱাহাটী মহানগৰীৰ নাগৰিক সমিতিয়ে জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে এখন বৈঠকত মিলিত হৈ পুনৰ ১৪ দিনৰ বাবে লকডাউন বৃদ্ধিৰ প্রস্তাৱ চৰকাৰক আগবঢ়ায়৷ ইয়াৰ পিছতেই প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে আজি প্রচাৰ মাধ্যমলৈ প্রেৰণ কৰা এক ভিডি’ বার্তাত লকডাউন বৃদ্ধিৰ বিৰোধিতা কৰে৷

You might also like