নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন বৃদ্ধি নোহোৱাৰ ইংগিত দিলে হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ আগন্তুক ১৪ এপ্ৰিলত শেষ হ’ব লগা ২১ দিনীয়া লকডাউন বৃদ্ধি নোপোৱাৰ এক ইংগিত দিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ পাচতেই প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেকখন ৰাজ্যকেই স্বাস্থ্যকৰ্মী , বুদ্ধিজীৱি আৰু সমাজকৰ্মী সকলৰ সৈতে কথা পাতিবলৈ কয় । লকডাউনৰ বিকল্প হিচাপে কেনেদৰে সমাগম নোহোৱাৰ ব্যৱস্থা কৰিব পাৰি সেই সম্বন্ধেও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীয়ে ।

শিক্ষানুষ্ঠান, চিনেমাহল, মল , সাপ্তাহিক বজাৰ সমূহ লকডাউনৰ পাচতো বন্ধ কৰি ৰাখিব পৰা যায় নেকি সেই সম্বন্ধেও চিন্তা-চৰ্চা কৰা হ’ব । একেদৰে কাৰ্যালয় সমূহত ৫০ শতাংশ কৰ্মচাৰীৰে কাম চলোৱাৰ লগতে এই সময়ছোৱাত অন্য কাম-কাজত বাহিৰৰ পৰা কাৰ্যালয় সমূহলৈ মানুহ অহা বন্ধ কৰা । দোকানসমূহত ভিৰ নহ’বৰ বাবে দোকানৰ সময়সূচী দীঘলীয়া কৰাৰ দৰে কেতবোৰ বিকল্প পথৰ কথাও উল্লেখ কৰে ৰাজ্যৰ বিত্ত , স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

You might also like