নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ১৪ এপ্ৰিলত সমাপ্ত হ’ব লগা ২১ দিনীয় কেন্দ্ৰীয় লকডাউনৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে কি কৰিব সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ অন্যতম মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
লকডাউন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নীতিকেই মানি চলিব ৰাজ্য চৰকাৰে । এইক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো নিজাববীয়া সিদ্ধান্ত গ্ৰহণ নকৰে বুলিও উল্লেখ কৰে মন্ত্ৰী ড০ শৰ্মাই । যদি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ হাতত নিজ নিজ সিদ্ধান্ত ল’বলৈ এৰি দিয়ে তেন্তে সেয়া পৰৱৰ্তী সময়ত কেবিনেটত আলোচনা হ’ব ।
কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশ সমূহ জিলা উপায়ুক্ত সকলে পালন কৰি তাৰ ওপৰত ব্যৱস্থা ল’ব বুলিও কয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাচতেই লকডাউন সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে ।