নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য ২০২১ : বোকাখাতৰ পৰাই মিত্রজোঁটৰ নির্বাচনী কুচকাৱাজ

নিয়মীয়া বার্তা, ২২ জানুৱাৰীঃ ৰাজ্যত ‘কা’বিৰোধী আন্দোলন আৰু নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলি থকাৰ সময়তে মঙলবাৰে একপ্রকাৰৰ ২০২১ৰ নির্বাচনৰ কাৰণে কঁকালত টঙালি বান্ধিছে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ৷ অহা ২৪ জানুৱাৰীত বোকাখাতত বিজেপি, অগপ, গণশক্তি দলে একত্রিতভাৱে অনুষ্ঠিত কৰিব বিশাল সংকল্প সমাৰোহ ৷ এই সংকল্প সমাৰোহলৈ মাজত মাত্র দুটা দিন বাকী থকা অৱস্থাত বিত্তমন্ত্রী, স্বাস্থ্যমন্ত্রী, শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, অগপৰ সভাপতি অতুল বৰা, গ্রামোন্নয়ন মন্ত্রী নৱ দলে, ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, বিধায়কদ্বয় মৃণাল শইকীয়া আৰু ভবেন ভৰালীয়ে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত উপস্থিত হৈ সংকল্প সমাৰোহৰ সন্দর্ভত বুজ লয় ৷

ইয়াৰ পিছতে সমাৰোহস্থলীৰ সমীপতে গোলাঘাট জিলাৰ বিভিন্ন প্রান্তৰ পৰা অহা সহস্রাধিক বিজেপি নেতা–কর্মী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় ৷ বোকাখাতৰ যুৱ নেতা আকাশ ফুকনে আঁত ধৰা সভাত মন্ত্রী হিমন্ত বিশ্ব শর্মাই ‘কা’বিৰোধী আন্দোলনৰ মাজটো ২০ ডিচেম্বৰৰ পৰা নামনি, মধ্য আৰু উত্তৰ অসমত অনুষ্ঠিত কৰা শান্তি সমদলত ৰাইজৰ অভূতপূর্ব সমর্থন আছিল ৷ এতিয়া উজনি অসমৰ পৰা আৰম্ভ কৰিবলৈ লোৱা হৈছে সংকল্প সমাৰোহ ৷ সমাৰোহত দুটা সংকল্প লোৱা হ’ব ৷ এটা সংকল্প বিগত ৪টা বছৰত বিজেপি মিত্রজোঁট চৰকাৰে কৰি থকা কামসমূহৰ থাকি যোৱা অংশ আগন্তুক এবছৰৰ ভিতৰত সম্পূর্ণ কৰাৰ সংকল্প আৰু আনটো ২০২১ত অনুষ্ঠিত হ’ব লগা বিধানসভা নির্বাচনত বিশাল জয়যাত্রাৰ সংকল্প ৷ অসমত বিজেপিয়ে পাঁচ বছৰৰ কাৰণে অহা নাই আগন্তুক বিশ বছৰৰ কাৰণে অসম আৰু অসমীয়াৰ উন্নয়নৰ কাম কৰিবলৈ আহিছে ৷ ২০২১ত অসমত পুনৰ বিজেপি মিত্রজেজাট চৰকাৰ হ’ব বুলি নিশ্চিত কৰি মন্ত্রী শর্মাই ২৪ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা বিশাল সংকল্প সমাৰোহলৈ সকলোকে হিলদ’ল ভাঙি ওলাই আহিবলৈ আহ্বান জনায় ৷

ইপিনে মন্ত্রী অতুল বৰাই বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা, এই তিনিটা মহৎ বাণীৰ উপমা দি আছুৰ ক’লা পতাকাবোৰ মই বগা দেখা পাওঁ বুলি কয় ৷ লগতে সংকল্প সমাৰোহত অভূতপূর্ব ৰাইজ উপস্থিত থাকিব বুলি কয় মন্ত্রী বৰাই ৷ আনহাতে, দিনৰ ২ বজাত বোকাখাতৰ মহকুমাধিপতি কার্যালয়ৰ প্রেক্ষাগৃহত গোলাঘাট জিলাৰ বিভিন্ন বিভাগৰ মূৰব্বীৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠক মিলিত হৈ উন্নয়নৰ খতিয়ান বিচাৰে মন্ত্রী হিমন্ত বিশ্ব শর্মাই ৷ উক্ত সভাত স্থানীয় বিধায়ক তথা মন্ত্রী অতুল বৰা, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, গ্রামোন্নয়ন মন্ত্রী নৱ দলে, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷

You might also like