নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমী দত্তলৈ শ্ৰেষ্ঠ জিলা নির্বাচনী বিষয়া ৰাজ্যিক বঁটা 

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: চৰকাৰী বিষয়া-কৰ্মচাৰীক উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কিছু সংখ্যক বঁটা প্ৰদানৰ ব্যবস্থা গ্রহণ কৰিছে। কিয়নো চাকৰি কৰ্মময় জীবনত চৰকাৰী ভাবে স্বীকৃত তথা বঁটা প্ৰাপ্তিয়ে স্বাভাবিক ভাবেই পৰৱৰ্তী সময়ত জনসাধাৰণৰ সেৱাৰ প্ৰতি বিষয়া-কৰ্মচাৰীক দায়বদ্ধ কৰি তুলিব। হয়তো এনে এক চিন্তা চৰ্চাৰে ৰাজ্য চৰকাৰে এলানি বঁটা প্ৰদানৰ ব্যবস্থা গ্রহণ কৰিছে। এই মৰ্মে শিৱসাগৰ জিলাৰ

নাজিৰাৰ তদানীন্তন ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা বৰ্তমান বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তলৈ ৰাজ্য চৰকাৰে বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে। উল্লেখ্য, নাজিৰা জিলা নির্বাচনী বিষয়া হিচাবে দক্ষতাৰে সেৱা আগবঢ়োৱাৰ বাবে নির্বাচনী আয়োগে  অসমৰ মূখ্য নিৰ্বাচনী আয়োগৰ কাৰ্যলয়লৰ পৰা শ্রেষ্ঠ জিলা নির্বাচনী বিষয়া হিচাবে ঘোষণা কৰিছে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ নাম । অহা ২৫ জানুৱাৰীত অৰ্থাৎ কাইলৈ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনা অসমৰ মহামান্য ৰাজ্যপাল জগদীশ মুখীয়ে তেখেতক এই বঁটা প্ৰদান কৰিব । বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ লগতে এই বঁটা বঙাইগাঁওৰ উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্রিয়া , যোৰহাটৰ উপায়ুক্ত ৰৌশনী অপৰানঞ্জি আৰু ৰঙিয়াৰ জিলা নির্বাচনী বিষয়া স্বপনীল পালেও লাভ কৰিছে বুলি চৰকাৰী ভাবে প্ৰকাশ পাইছে। মনকৰিবলগীয়া কথা, লখিমী দত্তই বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰাৰ পিছৰে পৰা সততে সৰ্বস্তৰৰ ৰাইজৰ মাজত কৰ্মদক্ষ বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। জিলা মিচন সমন্বয়ৰ দায়িত্ব পালন কৰা দত্তই জিলাখনত প্ৰাথমিক শিক্ষাৰ উত্তৰণত বহুখিনি কাম কৰা বুলি শিক্ষক সমাজে জানিবলৈ দিয়ে। দুটা এমা-ডিমা সন্তানৰ মাতৃ বিষয়া গৰাকীয়ে চৰকাৰী দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে সাংসাৰিক দায়িত্বও পালন কৰি আদৰ্শ হিচাপে থিয় দিছে।

প্ৰতিবেদক- আফতাব হুছেইন

You might also like